অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ শিক্ষক প্ৰশিক্ষণ কৰ্মশালা…

অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ শিক্ষক প্ৰশিক্ষণ কৰ্মশালা…


ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গন্ধকৰৈ জাতীয় বিদ্যালয়ত ‌‌অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয় সমুহৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় । অসম জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ সভাপতি পল্লৱ বৰবৰাই পাতাকা উত্তোলনৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰু বহু কেইজন গন্যমান্য ব্যক্তিৰ উপস্হিতিত আৰু বক্তব্যৰে শিবিৰ উদ্বোধন কৰা হয় ।

প্ৰশিক্ষণ শিবিৰটোৰ সমল ব্যক্তি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী নিৰ্মালী অধিকাৰি,অসম জাতীয় বিদ্যালয়, নুনমাটি ৰেংলাৰ অনুপম শইকীয়া প্ৰতুষ্য গগৈ, প্ৰাক্তন জিলা মানৰক্ষক সৰ্ব্বশিক্ষা অভিযান মিছন , দুগেৰ্শ্বৰ শইকীয়া, প্ৰবক্তা, জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠান , তিনিচুকীয়া অংশগ্ৰহন কৰিব।উল্লেখ্য যে পৰিষদৰ অন্তৰ্গত প্ৰায় ত্ৰিশখন বিদ্যালয়ৰ বহু সংখ্যাক শিক্ষক শিক্ষয়ত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in