‘অসম ভাওনা সমাৰোহ’ত অগণন ভক্তৰ সমাগমঃ নৱম দিনাৰ ভাওনাৰ ৰজনী উদ্বোধন কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ফটিক দত্ত গোস্বামীয়ে…

‘অসম ভাওনা সমাৰোহ’ত অগণন ভক্তৰ সমাগমঃ নৱম দিনাৰ ভাওনাৰ ৰজনী উদ্বোধন কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ফটিক দত্ত গোস্বামীয়ে…

ডিজিটেল ডেস্কঃ যোৱা ১৯ জানুৱাৰীৰ পৰা মাজুলীৰ আউনী আটী সত্ৰত অনুষ্ঠিত হোৱা অসম ভাওঁনা সমাৰোহত বিগত দিনকেইটাত অগণন ভক্তৰ সমাগম হৈছে। সমাৰোহৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত কৰ্মশালা, আলোচনা চক্ৰ, গ্ৰন্থমেলা, প্ৰদৰ্শনীৰ সমান্তৰালকৈ নিশাৰ ভাগত ভাওনা প্ৰদৰ্শিত কৰা হয়। এই ভাওনা সমাৰোহৰে নৱম দিনা অথাৎ ২৭ জানুৱাৰী তাৰিখে নিশাৰ ভাওনা ৰজনী উদ্বোধন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ফটিক দত্ত গোস্বামীয়ে।

ভাওনা সমাৰোহখনিত উপস্থিত থাকি গোস্বামীয়ে কয়, এনে ধৰণৰ সমাৰোহৰ আয়োজনেৰে অসমীয়া জাতীয় জীৱনক সুৰক্ষিত কৰে। মাজুলী হ'ল অসমীয়া সংস্কৃতিৰ শিৰপ ভূষণ আৰু বৰ্তমান সময়ৰ মাজুলীৰ সংস্কৃতিক লৈ এচামে বেপাৰ আৰম্ভ কৰিছে। এই দুষ্ট শক্তিক আমি প্ৰতিহত কৰিব লাগিব। আধ্যাত্মিক ধাৰণাৰে সমাজত সুস্থ বাতাবৰণ বৰ্তাই ৰাখিবলৈ প্ৰত্যেকজন নাগৰিকৰে কৰণীয় আছে। উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীত অন্ত পৰিব এই ভাওনা সমাৰেহখনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in