১২ ঘণ্টীয়া অসম বন্ধ, UPDATES

১২ ঘণ্টীয়া অসম বন্ধ, UPDATES

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৪৬ সংঘটনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ ৰাজ্যজুৰি সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। এই বন্ধ সময়চোৱাত পুৱাই বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। দুই-এঠাইত বিক্ষিপ্ত ঘটনাৰ বাতৰিও আহিছে। বন্ধ বিফল কৰিবলৈ উঠি পৰি নামিছে ৰাজ্য প্ৰশাসন। এই অসম বন্ধ কালচোৱাৰ বিভিন্ন স্থানত সংঘটিত ঘটনাৰ সবিশেষ-

পুৱা ১০.৩৯ বজাতঃ বন্ধৰ প্ৰভাৱ পৰিছে মহানগৰীৰ চৰকাৰী কাৰ্যালয়-বিদ্যালয়সমূহত। বৰ্তমানলৈকে বিদ্যালয়সমূহত উপস্থিত হোৱা নাই শিক্ষাৰ্থীসকল।

পুৱা ১০.১৫ বজাতঃ পাঠশালাত অসম বন্ধলৈ ব্যাপক সঁহাৰি। ৰাজপথত বন্ধ আছে যান-বাহন চলাচল। বেচৰকাৰী স্কুল-কলেজ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানো বন্ধ। জনশূণ্য পৰিৱেশে বিৰাজ কৰিছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পাঠশালা-ভূটান সংযোগী পথত।

পুৱা ৯.৪৫ বজাতঃ মহানগৰীত এ এছ টি চি চিটি বাছ সেৱা চলাচল। বাছৰ প্ৰায়ভাগ আসনেই খালী হৈ ৰৈছে।

পুৱা ৯.১৮ বজাতঃ ডিব্ৰুগড়ত বন্ধৰ সমৰ্থনত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থনকাৰীৰ৷ আৰক্ষীয়ে আটক কৰে শতাধিক বন্ধ সমৰ্থনকাৰীক৷ তাৰ পাছতেই সদৰ থানাৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷

পুৱা ৮.৪৫ বজাতঃ হাইলাকান্দিত ছাত্ৰ মুক্তিৰ সদস্যক আটক আৰক্ষীৰ। বিহালীতো চাৰিজন বন্ধ সমৰ্থকক আটক।

পুৱা ৮.৪৩ বজাতঃ গহপুৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। ৰাজপথত ওলাই আহিছে বন্ধ সমৰ্থক।

পুৱা ৮.৪২ বজাতঃ লাহৰীঘাটৰ ৰাজপথতো টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

পুৱা ৮.৪০ বজাতঃ খানাপাৰাত বন্ধ সমৰ্থকক আটক আৰক্ষীৰ।

পুৱা ৮.২৯ বজাতঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বন্ধ সৰ্বাত্মক হোৱাৰ খবৰ। স্বতস্ফূতভাৱে বন্ধ হৈ পৰিছে দোকান-পোহাৰ।

পুৱা ৮.২০ বজাতঃ মহানগৰীত নিৰাপত্তাৰ মাজত এ এছ টি চি বাছ চলাচল। ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰিছে। চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বিষয়া-কৰ্মচাৰীসকল।

পুৱা ৮.০২ বজাতঃ নলবাৰীত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত। তেজপুৰত এ জে ৱাই চি পিৰ তেজপুৰ জিলা সভাপতি নিৰঞ্জন হাজৰিকাক আটক।

পুৱা ৭.৪৫ বজাতঃ কলিয়াবৰৰ জখলাবন্ধাত যাত্ৰীবাহী ৰেল অৱৰোধ। নামনিমুৱা শিলঘাট-গুৱাহাটী ৰেল পথ অৱৰোধ সমৰ্থকৰ। তেজপুৰতো টায়াৰ জ্বলাই প্ৰতিবাদ।

পুৱা ৭.২০ বজাতঃ মহানগৰীৰ ৰাজপথত আৰক্ষীৰ নিচিদ্ৰ তহল। সেৰেঙা যান-বাহন চলাচল।

পুৱা ৬.৪০ বজাতঃ ফৰকাটিঙত ৰেলপথ অৱৰোধ বন্ধ সমৰ্থকৰ।

পুৱা ৬.২২ বজাতঃ বন্ধৰ প্ৰভাৱ পৰিছে গোৱালপাৰাতো। জিলাখনত ব্যাহত যান-বাহন চলাচল। দোকান-পোহাৰো বন্ধ পৰিলক্ষিত হৈছে গোৱালপাৰাত। বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

পুৱা ৬.০০ বজাতঃ ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা। তাৰমাজতো দুই-এটা বিক্ষিপ্ত ঘটনাৰ খবৰ। গোলাঘাটত ফৰকাটিঙত নৈশ বাছ ভাঙিলে বন্ধ সমৰ্থকে। মৰাণৰ পৰাও বন্ধ সমৰ্থকে নৈশ বাছলৈ শিলগুটি নিক্ষেপ কৰাৰ খবৰ।

পুৱা ৫.৫৪ বজাতঃ মৰিগাঁৱত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ, গোলাঘাট, মৰাণ, ডিব্ৰুগড়, বৰপেটা, নগাঁও আদি বিভিন্ন স্থানত বন্ধ সমৰ্থক ৰাজপথলৈ ওলাই আহিছে।

পুৱা ৫.৩০ বজাতঃ মহানগৰীৰ বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী। চানমাৰি, শিলপুখুৰী, গণেশগুৰিকে ধৰি প্ৰায় সকলো স্থানতে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তহল।

পুৱা ৫.১০ বজাতঃ বন্ধ সময়ত চানমাৰিৰ পৰিৱেশ। মহানগৰীৰ ৰাজপথত নাই যান-বাহন চলাচল। ৰাজ্যৰ বিভিন্ন স্থানত পুৱাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ।

পুৱা ৫.০০ বজাতঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১২ ঘণ্টীয়া অসম বন্ধ আৰম্ভ। ৪৬ সংগঠনে আহ্বান দিছে এই বন্ধৰ। পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ আহ্বান দিয়া অসম বন্ধৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in