শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

প্ৰকৃতি ধ্বংসযজ্ঞৰ বিৰুদ্ধে সচেতনতাৰ কাৰ্যসূচীৰে গুৱাহাটীৰ ৰাজপথত যুৱ-প্ৰজন্ম…

32

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গোলকীয় জৈৱবৈচিত্ৰতাৰ অন্যতম অংগ দিহিং পাটকাইৰ খনন কাৰ্য, বাঘজানৰ তৈল খনন ,দিবং উপত্যকাৰ বৃহৎ বান্ধ আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা চৰকাৰৰ ইএআই ২০২০ খচৰা আদি বিষয়ৰ প্ৰতিবাদত গুৱাহাটীৰ ৰাজপথত দেখা গল জলবায়ু পৰিৱৰ্তনক লৈ সচেতন যুৱ প্ৰজন্মক। সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে তেওঁলোকে দীঘলীপুখুৰীত বাটৰ ছবি আৰু বেলতলাত বেনাৰ প্ৰদৰ্শনেৰে জনসাধাৰণক সচেতন কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে,২৫ চেপ্টেম্বৰ জলবায়ু কাৰ্যকৰীকৰণৰ ষষ্ঠ গোলকীয় দিনটোত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে গোলকীয় বিষয়সমূহ লৈ বাটৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। শুকুৰবাৰে এই কাৰ্যসূচীৰ অংশ হিচাপেই গুৱাহাটীৰ বেলতলাত প্ৰাকৃতিৰ এনে গুৰুত্বহীন বিষয় সমূহৰ সন্দৰ্ভত হাতে হাতে প্লেকাৰ্ড লৈ সজাগতাৰ কাৰ্যসূচীত অংশ লয় যুৱ প্ৰজন্মৰ ১৭ জন প্ৰতিনিধিয়ে। তেওঁলোকৰ উদ্দেশ্য স্থানীয় পৰিৱেশ সম্পৰ্কীয় বিষয় সমূহৰ ফলপ্ৰসু সমাধানৰ ক্ষেত্ৰত চৰকাৰ দৃষ্টি আকৰ্ষণ কৰা।

অন্যহাতে জলবায়ু পৰিবৰ্তন বিষয়ৰ এখন ইন্টাৰগভাৰ্মেন্টেল বৈঠকৰ প্ৰতিবেদন অনুসৰি  ২০১৮ত প্ৰাক ঔদ্যোগিক ঠাইত তাপমান পূৰ্বতকৈ ১.৫ ডিগ্ৰীলৈ বৃদ্ধি পাইছিল। কিন্তু বিভিন্ন প্ৰতিবেদন অনুসৰি,বৰ্তমানে যিটো হাৰত উদ্যোগবোৰে সেউজগৃহ গেছ নিগৰণ কৰি আছে ২০৩০ ৰ পৰা ২০৫০ ৰ ভিতৰত এই তাপমান ১.৫ তকৈ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক।




আপুনি পঢ়ি ভাল পাব পৰা বাতৰি