ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা

ডিজিটেল সংবাদ, ঢকুৱাখনা : স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষত ৭৬ সংখ্যক স্বাধীনতা দিৱসটো সাৰ্বজনীন ভাৱে উদযাপনৰ আহ্বানেৰে বৃহস্পতিবাৰে এক সজাগতা শোভাযাত্ৰা উলিওৱা হয় ঢকুৱাখনাত ।  ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনাৰ ঐতিহ্য বহনকাৰী ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ সহযোগিতাত পুৱা ৯-৩০ বজাত বিদ্যালয় প্রাংগনৰ পৰা উলিওৱা হয় এই সজাগতা শোভাযাত্ৰা ।

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোঁচৰ নেতৃত্বত  শিক্ষক সকলৰ সহযোগত বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থীয়ে হাতে হাতে  জাতীয় পতাকা লৈ  ঘৰে ঘৰে  জাতিয় পতাকা উত্তোলন কৰক , জাতীয় পতাকা আমাৰ গৌৰৱ ,  ঘৰে ঘৰে পতাকা উত্তোলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰক , আমাৰ দেশ মহান আদি বিভিন্ন শ্লোগান দি ঢকুৱাখনা নগৰ চাৰিআলি পৰিভ্রমন কৰি পুনৰ বিদ্যালয় প্ৰাংগণত উপস্থিত হয়।

পাছত মহোৎসৱ সতে সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ মাজত দেশপ্ৰেম মূলক গীত , সৃষ্টিমূলক নৃত্য ,  জাতীয় পতাকা অংকন প্ৰতিযোগিতাকে ধৰি  বিভিন্ন সাহিত্য  আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in