নলবাৰীত কৃতি শিক্ষাৰ্থীক প্ৰয়াত নবীন চন্দ্ৰ তামুলী শৈক্ষিক বঁটা প্ৰদান

নলবাৰীত কৃতি শিক্ষাৰ্থীক প্ৰয়াত নবীন চন্দ্ৰ তামুলী শৈক্ষিক বঁটা প্ৰদান

ডিজিটেল সংবাদ, নলবাৰীঃ যোৱা শনিবাৰে নলবাৰী জিলাৰ কৈঠালকুছিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণি গীত পৰিৱেশনেৰে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীননাথ দেৱ শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সম্বৰ্ধনা সভাখনত উত্তৰ পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ গণেশ তামুলীয়ে পিতৃ প্ৰয়াত নবীন চন্দ্ৰ তামুলীৰ সোঁৱৰণত নিকেতনখনৰ ৩ গৰাকী শিক্ষাৰ্থীক 'নবীন চন্দ্ৰ তামুলী শৈক্ষিক বঁটা' প্ৰদান কৰে।

আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ফুলাম গামোচা, মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে- কৌশিক বৰ্মন, সৃষ্টি শাণ্ডিল্য আৰু বৰষা পাঠক। শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গণেশ তামুলীয়ে কয়, 'পৰীক্ষাত ভাল নম্বৰ লাভ কৰিলে এখন ভাল শিক্ষানুষ্ঠানত অধ্যয়নৰ সুবিধা লাভ কৰিব পাৰি। কিন্তু এজন সুনাগৰিক নহ'বও পাৰে। কিতাপৰ জ্ঞান আৰু মান্যতাৰ জ্ঞানৰ মাজত পাৰ্থক্য আছে। আজিকালি এচাম তথাকথিত উচ্চ শিক্ষিত লোকে পিতৃ মাতৃক অবহেলা কৰা দেখা যায়। ই সমাজৰ বাবে ক্ষতিকাৰক।'

উল্লেখ্য যে, নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীয়ে পিতৃ নবীন চন্দ্ৰ তামুলীৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহক মূল্যায়ণ কৰাৰ উদ্দেশ্যে পিতৃৰ সোঁৱৰণত প্ৰতি বছৰে নলবাৰী জিলাৰ বিভিন্ন স্থানৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰি আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in