তেজপুৰৰ বাসভৱনতে পূ্ণ্যব্ৰত দেৱ গোস্বামীক দিল্লীৰ অনুষ্ঠানৰ বঁটা প্ৰদান

তেজপুৰৰ বাসভৱনতে পূ্ণ্যব্ৰত দেৱ গোস্বামীক দিল্লীৰ অনুষ্ঠানৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ, তেজপুৰঃ সুদীৰ্ঘ ডেৰ মাহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত যোৱা ১১ ডিচেম্বৰত তেজপুৰৰ নিকামূল সত্ৰস্থিত বাসভৱনলৈ উভতি আহিলেও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই সত্ৰীয়া সংগীতৰ বিশেষজ্ঞ তথা নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পূ্ণ্যব্ৰত দেৱ গোস্বামী। নিজ বাসভৱনতেই এতিয়াও দৈনিক ৩বাৰকৈ ডায়লেছিছ কৰিব লগা অৱস্থাত থকা অসুস্থ সত্ৰাধিকাৰগৰাকীৰ বাসভৱনতে চিকিৎসকে প্ৰয়োজনীয় চিকিৎসা আগবঢ়াই আছে।

ইফালে, গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্প আৰু দিল্লীত আয়োজিত দুটা সুকীয়া সুকীয়া অনুষ্ঠানত তেখেতক ২০ আৰু ২৭ অক্টোবৰত সম্বৰ্ধনা জনোৱাৰ কথা আছিল যদিও, সেই সময়চোৱাত গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ বাবেই দুয়োটা অনুষ্ঠানতেই উপস্থিত থকাৰ পৰা বিৰত থাকিবলগা হয় তেজপুৰৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শংকৰী সংগীতৰ বিশেষজ্ঞগৰাকী।

এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীত আয়োজিত বঁটাপ্ৰদান অনুষ্ঠানত তেওঁৰ হৈ গ্ৰহণ কৰে সত্ৰাধিকাৰগৰাকীৰ জ্যেষ্ঠা ভগ্নী হিৰণময়ী মহন্তই। আনহাতে, দিল্লীৰ সত্ৰৰংগই নতুন দিল্লীত ২৭ অক্টোবৰত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ হৈ উক্ত বঁটা গ্ৰহণ কৰে সৌজন্যময়ী মহন্ত আৰু হৰেণ মহন্তই।

শুকুৰবাৰে সৌজন্যময়ী মহন্তৰ সৈতে এটি সজাতি দল এই বঁটা প্ৰদানৰ অৰ্থে পূ্ণ্যব্ৰত দেৱ গোস্বামীৰ নিকামূল সত্ৰস্থিত বাসভৱনত উপস্থিত হয়হি। হৰেণ মহন্তৰ নেতৃত্বত অহা ৫জনীয়া দলটোৱে দিল্লীৰ সত্ৰৰংগৰ হৈ গামোচা, অংগবস্ত্ৰ, প্ৰসস্থিপত্ৰ আৰু নগদ ধনসহ সত্ৰাধিকাৰগৰাকীক তেওঁৰ বাসভৱনতেই উক্ত সন্মান প্ৰদান কৰেহি।

আনহাতে, তেওঁলোকৰ লগতে তেজপুৰৰ শিল্পী সমাজে প্ৰসিদ্ধ শিল্পীগৰাকীৰ আশুআৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ উচ্চ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in