আৰোগ্য সেতু এপত ‘গ্ৰীণ’ ষ্টেটাছ দেখুওৱা সকলক কোৱাৰেন্টাইন কৰাৰ প্ৰয়োজন নাইঃ মন্ত্ৰী হৰদ্বীপ সিং পুৰী…

আৰোগ্য সেতু এপত ‘গ্ৰীণ’ ষ্টেটাছ দেখুওৱা সকলক কোৱাৰেন্টাইন কৰাৰ প্ৰয়োজন নাইঃ মন্ত্ৰী হৰদ্বীপ সিং পুৰী…

ডিজিটেল ডেস্কঃ ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত ঘোষণা কৰাৰ পাছত এভিয়েশ্যন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ইয়াক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, যদি যাত্ৰীসকলে ফোনত আৰোগ্য সেতু এপত তেওঁলোকৰ ষ্টেটাছ 'গ্ৰীণ' বুলি দেখুৱাই তেন্তে তেওঁলোকক কোৱাৰেন্টাইন কৰাৰ প্ৰয়োজন নাই।

শনিবাৰে মন্ত্ৰী পুৰীয়ে কোভিড-১৯ৰ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন আৰু ঘৰুৱা বিমান সেৱাৰ নিয়ম সমূহৰ সন্দৰ্ভত অনলাইনযোগে কৰা এক আলোচনাত এই কথা কয়। লগতে তেওঁ কয় যে, চৰকাৰে আগষ্টৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰাৰ চেষ্টা চলাই আছে। ইফালে, ঘৰুৱা বিমান সেৱাৰে বহিঃৰাজ্যৰ পৰা কেৰালা, কৰ্ণাটক, অসমকে ধৰি ৬খন ৰাজ্যলৈ ঘূৰি যাব লগা শ্ৰমিকসকলৰ সন্দৰ্ভত চৰকাৰে কোৱাৰেন্টাইন কৰাৰ কথা জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in