‘এভেঞ্জাৰ্ছ এণ্ডগেম’ৰ ট্ৰেইলাৰ মুকলি, এসপ্তাহ আগতে মুক্তি লাভ কৰিব ভাৰতত, VIDEO

‘এভেঞ্জাৰ্ছ এণ্ডগেম’ৰ ট্ৰেইলাৰ মুকলি, এসপ্তাহ আগতে মুক্তি লাভ কৰিব ভাৰতত, VIDEO

ডিজিটেল ডেস্কঃ হলিউদৰ ছুপাৰহিট ছবি 'এভেঞ্জাৰ্ছ'ৰ চতুৰ্থটো সংস্কৰণ 'এভেঞ্জাৰ্ছ এণ্ডগেম'ৰ ট্ৰেইলাৰ মুকলি পালে। 'এভেঞ্জাৰ্ছ এণ্ডগেম'ৰ কাহিনী আৰম্ভ হ'ব 'এভেঞ্জাৰ্ছ ইনফিনিটী ৱাৰ' বা 'এভেঞ্জাৰ্ছ-৩'ৰ শেষৰ ভাগৰ পৰা।

'এভেঞ্জাৰ্ছ ইনফিনিটী ৱাৰ'ৰ খলনায়ক থানোছে বিশ্ব-ব্ৰহ্মাণ্ডৰ আধা অংশ নিঃশেষ কৰি পেলাইছিল। থানোছে কেৱল তেওঁলোককেই জীৱিত ৰাখিছিল যাক ৰাখিব বিচাৰিছিল।

ছবিখনৰ নতুন ট্ৰেইলাৰটোত আয়ৰন মেন, থ'ৰ, কেপ্টেইন আমেৰিকা, ৰ'নীন, ব্লেক ৱিডৌ, এন্ট মেনক দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে, হলিউডৰ প্ৰায় সকলোবোৰ ছুপাৰহিৰ'ক 'এভেঞ্জাৰ্ছ এণ্ডগেম'ত দৰ্শকে দেখিবলৈ পাব। তদুপৰি, ভাৰতৰ দৰ্শকৰ বাবে আছে আন এক সুখবৰ। এই ছবিখন আমেৰিকাতকৈ এসপ্তাহ পূৰ্বেই মুক্তি পাব ভাৰতৰ চিনেমাগৃহসমূহত।

'এভেঞ্জাৰ্ছ এণ্ডগেম' ছবিখন এভেঞ্জাৰ্ছ ছবিৰ চতুৰ্থখন সংস্কৰণ। ছবিখনৰ পৰিচালক এন্থনী ৰুসো আৰু জো ৰুসো ছবিখনক লৈ যথেষ্ট উৎসাহী। উল্লেখ্য যে, এই ছবিখন ২০১৯ৰ ২৫ এপ্ৰিলত ভাৰতত আৰু ৩ মে'ত আমেৰিকাৰ ছবিগৃহ সমূহত মুক্তি পাব।

'মাৰ্ভেল' কমিকছৰ সকলো ছুপাৰহিৰ'ক ছবিখনত দেখিবলৈ পোৱা যাব। লগতে প্ৰায়সকলো ছুপাৰহিৰ'ই মাৰ্ভেল কমিকছৰ বৰ্তমালৈ আটাইতকৈ শক্তিশালী খলনায়ক থানোছৰ বিৰুদ্ধে যুঁজ দিব। পিছে প্ৰকৃতে কোনজন ছুপাৰহিৰ'ই থানোছক হৰুৱাব সেয়া চাবলৈ ব্যাপক উৎসাহেৰে ছবিখনৰ মুক্তিৰ বাবে বাট চাই আছে দৰ্শকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in