শেহতীয়া খবৰ
নলবাৰীত জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা  •  নলবাৰীত জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা  •  নলবাৰীত হজ যাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ  •  সুনাম কঢ়িয়াই আনিলে সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাৱান শিল্পীয়ে...  •  ২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে...  •  ২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে...  •  সৰুপথাৰত চেন্টাৰ ফৰ ডেভেলপমেন্ট নামৰ সংস্থাৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চল ঘৰুৱা শ্ৰমিক সপ্তাহৰ সফল সামৰণি...  •  কাছাৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতিসহ দুই প্ৰৱক্তাৰ বিৰুদ্ধে শিলচৰ থানাত গোচৰ ৰুজু অধ্যক্ষৰ...  •  ছহীদ নিৰোদ শৰ্মাৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, শ্ৰদ্ধাঞ্জলী জ্ঞাপন...  •  ক্ৰমান্বয়ে ৰণত পৰিছে পাকিস্তান, জয়ৰ বাবে ৯০ বলত প্ৰয়োজন ১৭১

অনলাইন লীক হ’ল বহু প্ৰত্যাশিত ছবি ‘এভেঞ্জাৰ্ছঃ এণ্ডগেম’…

462

ডিজিটেল ডেস্কঃ মাৰ্ৱেলৰ বহু প্ৰত্যাশিত ছবি ‘এভেঞ্জাৰ্ছঃ এণ্ডগেম’ৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলে ছবিখন পাইৰেছী নহ’বৰ বাবে চেষ্টা কৰাৰ পাছতো অৱশেষত ইন্টাৰনেটৰ কেইটামান ৱেবছাইটত এই ছবিখন উপলব্ধ হোৱা বুলি জানিব পৰা গৈছে। ভেৰাইটী ড’ট কমে বুধবাৰে জাৰি কৰা এক সমীক্ষা অনুসৰি, ফিল্মখনৰ লীক হোৱা কপিটো চীনৰ এটা ছবিগৃহৰ।

পাইৰেছী নিউজ ছাইট ট’ৰেন্টফ্ৰীকৰ মতে, চীনৰ কোনো লোকে পেয়াৰ টু পেয়াৰ নেটৱৰ্কৰ জৰিয়তে সন্ধিয়া ৪ৰ পৰা ৫ বজাৰ ভিতৰত এই ছবিখনৰ ১.২ জিবিৰ ফাইল শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল। অৱশ্যে নিউজ ছাইটটোৱে জনায় যে এই ভিডিঅ’ কেমেৰাযোগে লোৱা এই পাইৰেটেড কপীৰ গুণগতমান অতি নিম্ন।

উল্লেখ্য যে, ভাৰতত এভেঞ্জাৰ্ছঃ এণ্ডগেম ছবিখন শুকুৰবাৰে মুক্তি পাব। ইতিমধ্যে এই ছবিখন চাবলৈ প্ৰায় ১০ লাখ দৰ্শকে টিকট বুকিং কৰিছে। ভাৰতত কোনো এখন ছবি চাবলৈ ইমান বৃহৎ সংখ্যক লোকে টিকট বুকিং কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি