হয় প্ৰধানমন্ত্ৰী মোডীয়ে লাডাখত আহত ভাৰতীয় সেনাসকলক সাক্ষাৎ কৰা কোঠাতো এটা কনফাৰেন্স হ’লহেঃ ভাৰতীয় সেনা

হয় প্ৰধানমন্ত্ৰী মোডীয়ে লাডাখত আহত ভাৰতীয় সেনাসকলক সাক্ষাৎ কৰা কোঠাতো এটা কনফাৰেন্স হ’লহেঃ ভাৰতীয় সেনা

ডিজিটেল ডেস্কঃ সঁচাকৈয়ে বাৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাডাখৰ সেনাৰ হাস্পতাললৈ গৈছিল নে? নে তেওঁ যোৱাৰ সময়ত ফটো তোলাৰ বাবে সেনাৰ এটা কনফাৰেন্স হল সজাই পৰাই তোলা হৈছিল। শুনিবলৈ আচৰিত হ'লেও শুকুৰবাৰৰ সন্ধিয়াৰ পৰাই এই লৈ ছ'চিয়েল মেডিয়াত বিশেষ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। কোনোজনে যদি প্ৰধানমন্ত্ৰীগৰাকীৰ এই যাত্ৰাকালত উঠা ফটোক লৈ বিভিন্ন সমালোচনা বা কটাক্ষ কৰিছে আন কোনোৱে আকৌ সেয়া মিছা বুলি সযুক্তিৰে কোৱাৰ চেষ্টা কৰিছে। অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মুখ খুলিছে ভাৰতীয় সেনাই।

এই কাৰ্যক ভাৰতীয় সেনাই দুৰ্ভাগ্যজনক আৰু অসন্তুষজনক বুলি মন্তব্য কৰিছে। লগতে সেনাৰ ফালৰ পৰা সেই মেডিকেল ৱাৰ্ডটোক এটা অডিঅ'- ভিডিঅ' প্ৰদৰ্শনৰ ব্যৱস্থা থকা বুলিও কোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যাত্ৰাৰ সময়ত কোভিড-১৯ প্ৰট'কলৰ বাবেহে এইটো কোঠাক মেডিকেল ৱাৰ্ড হিচাপে ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাক বেলেগ ৰূপ বিচৰা কাণ্ডত সেনাৰ ফালৰ পৰা অসন্তুষ্টি প্ৰকাশ কৰি কোৱা হৈছে, আমাৰ সেনাক এনে ব্যৱহাৰ কৰাটো অতি দুৰ্ভাগ্যৰ কথা। আমাৰ সেনা-বাহিনীৰ লোকসকলক আমি নিজেই চিকিৎসা কৰো।

উল্লেখ্য যে, শুকুৰবাৰে হঠাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পূৰ্ব পৰিকল্পিত বিশেষসূচী নোহোৱাকৈয়ে লাডাখলৈ গৈছিল। চীনৰ সৈতে যুঁজ কৰি ২০ গৰাকী ভাৰতীয় সেনাৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে দুখ প্ৰকাশ কৰি আহত সেনা বাহিনীৰ লোকসকলৰ খবৰ লবলৈ গৈছিল। তেতিয়াই তেওঁ আহত সেনাসকলক সাক্ষাৎ কৰাৰ বাবে সেনাৰ হাস্পতালতো সোমাইছিল। প্ৰধানমন্ত্ৰী যোৱা নিমু নামৰ স্থানৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আতৰত ভাৰতীয় সেনাৰ সৈতে যুদ্ধত নামিছিল চীনৰ সৈন্য।

প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাকালৰ ফটো তেওঁৰ নিজা ছ'চিয়েল মেডিয়াৰ বিভিন্ন চাইটত প্ৰকাশ কৰাৰ সমান্তৰালকৈ বিজেপিয়েও একে ফটোকে প্ৰকাশ কৰিছিল। যাৰ পাছতে দেখিবলৈ পোৱা গৈছিল বিতৰ্ক। প্ৰধানমন্ত্ৰীগৰাকীয়ে আহত সেনা জোৱানসকলক সাক্ষাৎ কৰাৰ বাবে যোৱা হাস্পতালখন যে, এটা কনফাৰেন্স হল আছিল সেই কথা প্ৰমাণ কৰিব পৰাকৈ বিভিন্ন সা-সামগ্ৰী দেখিবলৈ পোৱা গৈছিল হাস্পতালৰ সেই বিশেষ ৱাৰ্ডটোত। আনহে নালাগে ফটোত জিলিকি আছিল প্ৰজক্টৰো। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানসকলক সাক্ষাৎ কৰা ফটোসমূহক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া কৰি 'মোডীয়ে ফটো উঠিবলৈহে গৈছে' বুলি কৈছিল। ইয়াৰ পাছতে এনেদৰে মুখ খুলি স্পষ্টীকৰণ দিয়ে ভাৰতীয় সেনাই।

ভাৰতীয় সেনাই ইয়াৰ লগতে স্পষ্ট কৰি দিছে যে, সেই বিশেষ হাস্পতালখন কোভিড-১৯ পজিটিভ পোৱা ৰোগীসকলৰ চিকিৎসাৰ হাস্পতাল হিচাপে ঘোষণা কৰা হৈছিল। যাৰ বাবে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত কোভিড প্ৰট'কলৰ ওপৰত নিৰ্ভৰ কৰি এটা অডিঅ'-ভিডিঅ' প্ৰশিক্ষণৰ ব্যৱস্থা থকা কোঠাকে মেডিকেল ৱাৰ্ডলৈ ৰূপান্তৰ কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in