অতুল, ৰিপুন, ৰঞ্জিত, প্ৰফুল্ল আৰু বদৰুদ্দিনক গৃহ সমষ্টিতেই ৰাইজে দিছে এশিকনি

অতুল, ৰিপুন, ৰঞ্জিত, প্ৰফুল্ল আৰু বদৰুদ্দিনক গৃহ সমষ্টিতেই ৰাইজে দিছে এশিকনি

ডিজিটেল ডেস্কঃ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেখা পোৱা গৈছে এক ব্যতিক্ৰম ছবি। অগপ সভাপতি অতুল বৰাৰ সমষ্টি বোকাখাতেই বিজেপিৰ হাতত পৰাভূত হৈছে অগপ প্ৰাৰ্থী। প্ৰায়বোৰ পঞ্চায়ততে বিজেপি প্ৰাৰ্থীৰ দপদপনিৰ বিপৰীতে বোকাখাত সমষ্টিত অগপ নেতাজনৰ কোনো প্ৰভাৱেই পৰিলক্ষিত নহ'ল।

এ আই ইউ ডি এফৰ ঘাটি স্বৰূপ যমুনামুখতো কংগ্ৰেছৰ উত্থান দেখা পোৱা গ'ল। বদৰুদ্দিন আজমলকো যেন ৰাইজে এলাগী কৰিছে। পঞ্চায়ত নিৰ্বাচনত এ আই ইউ ডি এফ ২০১৩চনৰ তুলনাত তেনেই কমজোৰ হৈ পৰিছে।

বিজেপি সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগত কংগ্ৰেছৰ উত্থান পৰিলক্ষিত হৈছে। সভাপতিগৰাকীয়ে অতি কৌশলেৰে সেই উত্থান লুকুৱাবলৈ চেষ্টা কৰিলেও, কংগ্ৰেছে দখল কৰিছে গোৱৰ্ধন জিলা পৰিষদ।

একেদৰে অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টি বঢ়মপুৰতো বিজেপিৰ প্ৰাৰ্থীৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিজয়  হোৱাৰ বিপৰীতে অগপ প্ৰাৰ্থীয়ে পৰাজয়ৰ মুখ দেখিছে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত ১০টা ৱাৰ্ডৰ আটাইকেইটাই বিজেপিৰ দখললৈ গৈছে।

প্ৰদ্যুত বৰদলৈ সমষ্টিতো কংগ্ৰেছৰ ভেটি ৰক্ষা হোৱা নাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ সমষ্টিৰ এতিয়ালৈকে ঘোষণা কৰা ১১খন আসনৰ ১০খনেই গৈছে বিজেপিৰ দখললৈ। এখনো পঞ্চায়ত সমষ্টিটোত এই মুহূৰ্তলৈকে লাভ কৰা নাই ৰিপুন বৰাই।

বঢ়মপুৰ দেৱনাৰিকল গাঁও পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে। বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত কংগ্ৰেছৰ উত্থান। প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ সমষ্টিত আকৌ বিজেপিৰ ক্লিন শ্বুইপ। তাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অজন্তা নেওগৰ সমষ্টিত কংগ্ৰেছৰ উত্থান ঘটিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিজেপি-গণশক্তিৰ প্ৰাৰ্থী জয়ী হৈছে।

এইদৰে এক মিশ্ৰিত ছবি দেখা পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনত। দেখা পোৱা গৈছে যে, শাসকীয় বিজেপি দলৰ পক্ষে ৰাইজে একপক্ষীয়ভাৱে কোনো ৰায় দিয়া নাই। এতিয়ালৈকে প্ৰায় ৫০ শতাংশ ভোটগণনা সম্পূৰ্ণ হৈছে। দেখা পোৱা গৈছে যে, জিলা পৰিষদৰ মুঠ ৪২০খন আসনৰ ভিতৰত ৭০খন আসনৰ ফলাফল ঘোষণা হৈছে। ইয়াৰে ৩৪খন বিজেপিয়ে, ২০খন কংগ্ৰেছে, ৮খন অগপই আৰু ৮খন এ আই ইউ ডি এফে লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in