অসাৰ প্ৰতিপন্ন কৃষি মন্ত্ৰী অতুল বৰাৰ দম্ভালী…

অসাৰ প্ৰতিপন্ন কৃষি মন্ত্ৰী অতুল বৰাৰ দম্ভালী…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ কৃষি বিভাগ। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বাধীন এই বিয়াগোম বিভাগটোৰ এতিয়া পয়া লগা অৱস্থা। নাৰায়ণপুৰত বছৰ বছৰ ধৰি বিষয়া-কৰ্মচাৰী বিহীন ভাবে চলি আছে কাৰ্যালয়। জহি খহি গৈছে কাৰ্যালয়ৰ গৃহ। প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত কৃষক ।

         সম্প্ৰতি বগা হাতীত পৰিনত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়াৰ গুৰুত্বপূৰ্ণ কাৰ্য্যালয়টো। বিষয়া-কৰ্মচাৰী বিহীন ভাবে বিগত বছৰ বছৰ ধৰি চলি আছে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কাৰ্যালয়টো। দুবছৰ ধৰি স্থায়ী কৃষি বিষয়া নথকা কাৰ্যালয়টোত আন আন বিষয়া-কৰ্মচাৰীৰ উপৰি বিগত ২০ বছৰ ধৰি খালী হৈ আছে ২৮ টাকৈ গ্ৰামসেৱকৰ পদ। আনহাতে কাৰ্যালয়টোত যি কেইগৰাকী বিষয়া-কৰ্মচাৰী আছে সেই সকলৰো উপস্থিতি নিয়মীয়া নহয়। পৰিনতিত কাৰ্যালয়টোৰ পৰা উপকৃত হ'ব পৰা নাই বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ।

 সামান্য কাম এটাৰ বাবে তিনি-চাৰি দিন অহা যোৱা কৰিব লাগে কাৰ্যালয়টোলৈ। আনহাতে এজাক বৰষুণ দিলেই হোৰা-হোৰে পানী পৰে কাৰ্যালয়ৰ ভিতৰত। বিভাগীয় কৰ্ত্তৃপক্ষৰ চুড়ান্ত অৱহেলাৰ পৰিনতিত উৱলি গৈছে কাৰ্যালয় চৌহদত থকা প্ৰতিটো গৃহ।অপচয় হৈছে লাখ লাখ টকাৰ সা-সম্পতি ।

       যি সময়ত বিভাগীয় মন্ত্ৰী অতুল বৰাই নিজৰ বিভাগটোৰ আমূল পৰিৱৰ্তন হোৱা বুলি সভাই সমিতিয়ে দম্ভালী মাৰি আহিছে ঠিক সেই সময়তে এই কাৰ্যালয়টোৰ পুতৌ লগা অৱস্থাই ৰাইজৰ চকু কপালত তুলিছে। বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ প্ৰশ্ন মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় কৰ্ত্তৃপক্ষই এক প্ৰকাৰ মৃত্যু ঘন্টা বজাৰ উপক্ৰম হোৱা কাৰ্যালয়টো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব নে ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in