গোলাঘাটত অগপ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ সংবাদমেল

গোলাঘাটত অগপ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ সংবাদমেল

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠে দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা। গোলাঘাট জিলা অগপ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি সভাপতি বৰাই কয় যে- 'কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে যুটীয়া সংশোধনী বিধেয়কখন আইনলৈ পৰিণত কৰিম বুলি কোৱাৰ পিছতেই আমি বিজেপিৰ লগত মিত্ৰতা ভংগৰ সিদ্ধান্ত লওঁ। কেৱল ভোট বেংকৰ স্বাৰ্থত জাতিটোৰ বিঘ্নিত কৰাৰ পৰিপন্থী অগপ নহয় আৰু সেয়ে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰোঁ।'

ইয়াৰ লগেত জেপিচিৰ সদস্য হিচাপে থকা বিজেপিৰ দুই নেতা কামাখ্যা প্ৰসাদ তাচা আৰু ৰমেন ডেকাই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা নকৰাত তীব্ৰ সমালোচনা কৰে অগপ কেন্দ্ৰীয় সভাপতি অতুল বৰাই। বৰাই সংসদত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ এনডিএ চৰকাৰৰ অংশীদাৰ দলসমূহৰ লগতে ৰাজ্যসভাৰ অধিকাংশ আসন থকা কংগ্ৰেছ দলৰ ভূৱনেশ্বৰ কলিতাকো অগপ দলে সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

শনিবাৰে সংবাদমেলত অগপ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে, বিদেশী বিতাড়ণৰ বাবে হোৱা ঐতিহাসিক অসম আন্দোলনৰ অন্তত জন্মলাভ কৰা অগপ দলে জাতিধ্বংসী বিধেয়কন কোনো কাৰণতে মানি নলয়। লগতে বিধেয়কখনৰ বিৰোধিতাৰ স্বাৰ্থত আনবোৰ জাতীয় সংগঠনৰ লগতো সহযোগিতা আগবঢ়াব বুলি কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মেলত উল্লেখ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in