এটেনশ্যন শিক্ষামন্ত্ৰীঃ ঢকুৱাখনা  শিক্ষাখণ্ডৰ ২৮ খন বিদ্যালয় চলি আছে মাত্ৰ এজন শিক্ষকৰে…

এটেনশ্যন শিক্ষামন্ত্ৰীঃ ঢকুৱাখনা  শিক্ষাখণ্ডৰ ২৮ খন বিদ্যালয় চলি আছে মাত্ৰ এজন শিক্ষকৰে…

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কিছু অদূৰদৰ্শী নীতি আৰু একাংশ শিক্ষা বিষয়াৰ বেপৰোৱা দৃষ্টিভংগীৰ বাবে  চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড অধঃপতিত হোৱাৰ সমান্তৰাল ভাৱে গ্ৰামাঞ্চলিয় দৰিদ্ৰ পৰিয়ালৰ কণ কণ শিশু শিক্ষাৰ্থী সকলৰ মৌলিক অধিকাৰো খৰ্ব হৈ আহিছে।  শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ চুবুৰীয়া সমষ্টি ঢকুৱাখনাৰ ঢকুৱাখনা শিক্ষা খণ্ডৰ গঞা কৃষিজীৱী ৰাইজৰ শিক্ষাৰ্থী সকল বিগত কেইবা বছৰ ধৰি এনে সাৰ্বজনীন আনুষ্ঠানিক শিক্ষাৰ লাভৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ অতি পুৰণি।

এনেবোৰ আৰ্থিক ভাৱে জুৰুলা পৰিয়ালৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি শিক্ষা বিভাগৰ তুচ্ছ দৃষ্টি আৰু উদাসীন মনোভাৱৰ বাবে শিক্ষাৰ অধিকাৰৰ পৰা মৰ্মান্তিক ভাবে বঞ্চিত হৈ আহিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে । ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা খণ্ডৰ এনে বিধ্বস্ত স্বৰূপ উদঙাই দিয়াৰ পাছত আজি উন্মোচিত হৈছে ঢকুৱাখনা শিক্ষা খণ্ডৰ নগ্ন স্বৰূপ ।

"অসমীয়া প্রতিদিন ডিজিটেল"ৰ  তদন্ত কালত উন্মোচিত তথ্য মতে ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মুঠ  ২৮ খন প্ৰাথমিক বিদ্যালয়ত নাই পৰ্য্যাপ্ত শিক্ষক । সংগৃহীত তথ্য মতে খণ্ডটোৰ ১৮৮ নং দুলিয়া বৰুৱা প্ৰাথমিক বিদ্যালয় , খজুৱা মিলি প্ৰাথমিক বিদ্যালয়, নামনি কেঁকুৰী পমুৱা প্ৰাথমিক বিদ্যালয় , ৭৮১ নং ডিমৰুগুৰি ডাংধৰা প্ৰাথমিক বিদ্যালয় ,ঔগুৰি ডাংধৰা প্ৰাথমিক বিদ্যালয়ত, ৪৭৭নং অলিমুৰ ডাংধৰা প্ৰাথমিক বিদ্যালয় , ১৭৮ নং খেৰকটা আলিমুৰ প্ৰাথমিক বিদ্যালয়, হাৰ্হি মিৰি প্ৰাথমিক বিদ্যালয় ,খুঁটা পৰা প্ৰাথমিক বিদ্যালয় , ডিমৰুগুৰি কুটুম প্ৰাথমিক বিদ্যালয়, একৰিয়া জান প্ৰাথমিক বিদ্যালয় , ৫৬৯ নং আমগুৰি ডাংধৰা প্ৰাথমিক বিদ্যালয়ৰ, এৰাসুঁতি চুবুৰী প্ৰাথমিক বিদ্যালয়,  দক্ষিণ চাপৰি নেপালী প্ৰাথমিক বিদ্যালয়, অভয়াপুৰ নাহৰণি প্ৰাথমিক বিদ্যালয়, জামুগুৰি প্ৰাথমিক বিদ্যালয় ,শুকান পুখুৰী প্ৰাথমিক বিদ্যালয়,  ৭৭৮ নং বাঘে ঢাপলিয়াল প্ৰাথমিক বিদ্যালয়, গোঁহাই বাঘে ঢাপলিয়াল প্ৰাথমিক বিদ্যালয়, কুমাৰ বিল প্ৰাথমিক বিদ্যালয়, পশ্চিম ইন্দুৰ প্ৰাথমিক বিদ্যালয় , পমা মদাৰগুৰি প্ৰাথমিক বিদ্যালয়, অভয়পুৰ নাহৰণি প্ৰাথমিক বিদ্যালয় ,৮৪ নং কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়,  একেন দীঘলী প্ৰাথমিক বিদ্যালয়, কাৰপুংপুলি প্ৰাথমিক বিদ্যালয়, ৫৪২ নং লাহিবাৰী প্ৰাথমিক বিদ্যালয় আৰু বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয় কেইখন মাহ বছৰ ধৰি পৰিচালিত হৈ আহিছে এজনীয়া শিক্ষকৰ দ্বাৰাই । 

ইয়াৰে  মিচিং জনগোষ্ঠী বসতি প্ৰধান কাৰপুংপুলি প্ৰাথমিক বিদ্যালয়ত সৰ্বাধিক ৬৫ গৰাকী শিক্ষাৰ্থী, ৮৪ নং কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ত ৬০ গৰাকী, অভয়াপুৰ নাহৰণি প্ৰাথমিক বিদ্যালয়ত ৫২ গৰাকী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে । ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত এই ৬টা শ্ৰেণী একে সময়তে বিদ্যালয়ৰ নিৰ্দিষ্ট ৰুটিন অনুসৰি বিভিন্ন বিষয়ৰ পাঠদান কৰিবলৈ এই দুৰ্ভগীয়া এজনীয়া শিক্ষক সকলে কিমান অতিৰিক্ত শ্ৰম আৰু কামৰ বোজা বহন কৰিবলগীয়া হৈ আহিছে সেয়া অনুভৱ কৰিব নোৱাৰে  লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিভাগ আৰু  শিক্ষা বিষয়াই।

এনেবোৰ মুক বধিৰ ৰূপী শিক্ষা বিষয়াই অনুভৱ কৰিব নোৱাৰে একে সময়তে কণ কণ শিক্ষাৰ্থীক 'ক' বৰ্ণ শিকোৱাৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীক গণিতৰ শিক্ষা প্রদান কৰা পৰ্যন্ত এই এজনীয়া শিক্ষক গৰাকীয়ে কিমান বাৰ দৌৰা দৌৰি কৰিব লগা হয়  । মধ্যাহ্ন ভোজনৰ চাউল, দাইলৰ পৰা খৰি পৰ্যন্ত যোগাৰ কৰি ,মাহিলি বেতন বিল প্ৰস্তুতৰ পৰা বিভাগীয় কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ পালনলৈকে দৈনন্দিন কিমান অবৰ্ণনীয় যন্ত্ৰণা ভুগিব লাগে এই ২৮ গৰাকী দুৰ্কপলিয়া , দুৰ্ভগীয়া শিক্ষকে ।

এগৰাকী শিক্ষকৰ ওপৰতে এখন বিদ্যালয়ৰ ৬ টা শ্ৰেণীৰ পাঠদান জাপি দি ৰং চোৱা কাণ্ডজ্ঞানহীন শিক্ষা বিষয়া সকলৰ এনে ক্ষয়ঙ্কৰী স্থিতিৰ কৃপাত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে গঞা দৰিদ্ৰ শিক্ষাৰ্থী সকল । কেৱল চৰকাৰী বেতনভোগী অকমন্য শিক্ষা বিষয়া সকলৰ অবিবেচকী নীতিৰ বাবে এনেবোৰ অঞ্চলৰ কণ কণ নিৰ্বোধ শিশুৰ জীৱনৰ অমূল্য শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন হৈ পৰাই নহয় সংবিধান প্ৰদত্ত শিক্ষাৰ অধিকাৰৰ পৰাও দুৰ্ভাগ্যজনক ভাবে বঞ্চিত হৈ আহিছে ।

মৌলিক অধিকাৰৰ পৰা বঞ্চিত এনেবোৰ অবুধ শিক্ষাৰ্থীৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলা শিক্ষা বিভাগৰ কোনো ধৰণৰ "ৰেচনেলাইজ" আঁচনিয়ে স্পৰ্শ নকৰে এনেবোৰ বিদ্যালয় ।  কাৰণ  যাতায়তৰ ক্ষেত্ৰত অতি দুৰ্গম আৰু ভিতৰুৱা গ্ৰামাঞ্চলত অৱস্থিত এনেবোৰ উপেক্ষিত চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াবলৈ যাবলৈ নগৰমুখী শিক্ষাগুৰু একাংশৰ  অনীহা । 

কেৱল আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থী হোৱাৰ বাবে  শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা এনেবোৰ শিক্ষাৰ্থীৰ প্ৰতি শিক্ষা বিভাগে  অব্যাহত ৰখা নিৰ্মম প্ৰতাৰণাৰ অন্য এক গোপন অধ্যায় পৰৱৰ্তী সময়ত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ফাদিল কৰা হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in