তামুলপুৰত চোকা অস্ত্ৰৰে চিকিৎসকক প্ৰহাৰ…

তামুলপুৰত চোকা অস্ত্ৰৰে চিকিৎসকক প্ৰহাৰ…

ডিজিটেল ডেস্ক : নিশা তামুলপুৰত চোকা অস্ত্ৰৰে চিকিৎসকক প্ৰহাৰ। ডঃ গৌতম মেধি নামৰ ডাক্তৰ জনক ৰবিবাৰে নিশা ছুমান বসুমতাৰী নামৰ এজন প্ৰাক্তন সেনাৰ আক্ৰমণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। ডঃ গৰাকীৰ লগতে তেওঁৰ পত্নী আৰু কন্যাকো প্ৰহাৰ কৰে দুৰ্বৃত্ত গৰাকীয়ে। নিশা চিকিৎসক গৰাকীৰ নিজ চেম্বাৰত উপস্থিত হৈ প্ৰথমতে তর্কত লিপ্ত হৈ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে লোকজন।

নিশাই মেধিৰ পত্নী আৰু কন্যা সহ উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ নিয়া হয়। ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ছুমান বসুমতাৰী নামৰ লোকজনক। ঘটনাক কেন্দ্ৰ কৰি তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া। তামুলপুৰ মহকুমা আঞ্চলিক ছাত্ৰ সন্থা,নিখিল বড়ো ছাত্ৰ সন্থা,বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনকে আদি কৰি দল-সংগঠনৰ গৰিহণা দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in