ৰাহুলৰ মতে ‘চকীদাৰেই চোৰ’, যোগী আদিত্যনাথৰ মতে কোনো ‘দালাল’ৰ বাবে কাম কৰে ৰাহুলে

ৰাহুলৰ মতে ‘চকীদাৰেই চোৰ’, যোগী আদিত্যনাথৰ মতে কোনো ‘দালাল’ৰ বাবে কাম কৰে ৰাহুলে

ডিজিটেল ডেস্কঃ ৰাফেল বিমান ক্ৰয় চুক্তি কেলেংকাৰীত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ক্লীন ছীট দিয়াৰ পিছতে এতিয়া আক্ৰমণ-প্ৰত্যাক্ৰমণৰ জোৱাৰ উঠিছে ৰাজনৈতিক মহলত৷ শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল৷ ৰাহুল গান্ধীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি অমিত শ্বাহে আনকি ৰাহুল গান্ধীক ৰাজহুৱা ক্ষমা খুজিবলৈও দাবী জনাইছিল৷

আনহাতে অমিত শ্বাহৰ সংবাদ মেলৰ পিছতে ৰাফেল চুক্তি কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যয়ালয়ে প্ৰদান কৰা ক্লীন ছীটত অসন্তুষ্টি প্ৰকাশ কৰি ৰাহুল গান্ধীয়েও এখন সংবাদমেল কৰিছিল৷ এই সংবাদমেলত ৰাহুলে কোনো মিছা নথিৰে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰি এই কেলেংকাৰীৰ পুণৰীক্ষনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী জনায়৷

ইফালে ৰাহুল গান্ধীৰ সংবাদ মেলৰ পিছতে এইবাৰ তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আদিত্যনাথে অভিযোগ কৰে যে প্ৰকৃততে ৰাহুল গান্ধীয়ে কোনো দালাল পক্ষৰ সুবিধাৰ বাবে ৰাফেল চুক্তিক লৈ বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ লগতে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধাচৰণ কৰি ন্যায়ালয়ক অৱমাননা কৰা বুলিও অভিযোগ কৰে যোগী আদিত্যনাথে৷

তেওঁ কয়- 'কংগ্ৰেছ আৰু ৰাহুলৰ এটাই কাম, সেয়া হৈছে দেশৰ উন্নয়ন স্তব্ধ কৰি ৰখা৷ দেশৰ সুৰক্ষাৰ কথা কংগ্ৰেছে কেতিয়াও ভৱা নাই৷ ৰাফেল চুক্তি মোদী চৰকাৰৰ বৃহৎ সফলতা, যিটো কোনো দুৰ্নীতি সংঘটিত নোহোৱাকৈ সম্পন্ন হৈছে৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ৰাহুল গান্ধীয়ে কোনো দালাল পক্ষৰ স্বাৰ্থাত দেশৰ সুৰক্ষাক বন্ধকী ৰাখিব বিচাৰিছে৷'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in