ত্ৰিপুৰাৰ বিৰোধী নেতা বাদল চৌধুৰীক আক্ৰমণ, বিজেপি কৰ্মীয়ে আক্ৰমন কৰাৰ অভিযোগ…

ত্ৰিপুৰাৰ বিৰোধী নেতা বাদল চৌধুৰীক আক্ৰমণ, বিজেপি কৰ্মীয়ে আক্ৰমন কৰাৰ অভিযোগ…

ডিজিটেল ডেস্ক : ত্ৰিপুৰাত বিৰোধী দল চিপিআই (এম)য়ে বুধবাৰে চিপিআই (এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বাদল চৌধুৰীক দক্ষিণ ত্ৰিপুৰা জিলাৰ বিজেপি কৰ্মীসকলে আক্ৰমণ কৰাৰ অভিযোগ কৰে । দলটোৱে প্ৰকাশ কৰা এক বিবৃতিত এই অভিযোগ উত্থাপন কৰে ।

অভিযোগ অনুসৰি কেন্দ্ৰীয় সমিতিৰ সদস্য বাদল চৌধুৰীয়ে আক্ৰমণত আহত হৈছিল আৰু তেওঁৰ বাহনখন ক্ষতিগ্ৰস্ত হৈছিল।বাদল চৌধুৰী আছিল বিৰোধীৰ নেতা আৰু ত্ৰিপুৰা বিধানসভাৰ প্ৰাক্তন মন্ত্ৰী। স্থানীয় বিজেপি নেতাসকলে এই অভিযোগ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত তদন্ত চলি আছে ব্যক্ত কৰে ত্ৰিপুৰা আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in