অপৰাধীক লৈ যোৱা ভেনৰ ওপৰত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, নিহত ২ আৰক্ষী জোৱান, ৩ অপৰাধীৰ পলায়ন

অপৰাধীক লৈ যোৱা ভেনৰ ওপৰত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, নিহত ২ আৰক্ষী জোৱান, ৩ অপৰাধীৰ পলায়ন

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চান্দাউচি আদালতত এক অপৰাধজনিত গোচৰৰ শুনানিৰ অন্তত ২৪জন অপৰাধীক ভেনেৰে মুৰাদাবাদ কাৰাগালৈ নি থকা অৱস্থাত চলা দুৰ্বৃত্তৰ আক্ৰমণত ভেন খনৰ ভিতৰত থকা দুজন আৰক্ষী কৰ্মী নিহত হয়।

আৰক্ষী সূত্ৰই সদৰি কৰা মতে, বুধবাৰে চম্ভলৰ চান্দউচি আদালতত ২৪ জন অপৰাধীৰ বিৰুদ্ধে চলি থকা এক গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। শুনানিৰ অন্তত আৰক্ষী ভেন যোগে অপৰাধী কেইজনক মুৰাদাবাদ কাৰাগাৰলৈ নি থকা সময়তে হঠাৎ ভেনখনৰ ওপৰত আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তই। ভেনখনত থকা আৰক্ষীয়ে দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা চলাই যদিও এই আক্ৰমণত দুগৰাকী আৰক্ষী জোৱানে প্ৰাণ হেৰুৱায়।

ইফালে ভেনখনৰ ভিতৰত থকা ২৪ গৰাকী অপৰাধীৰত ৩ জন অপৰাধীয়ে দুৰ্বৃত্তৰ আক্ৰমণত বাগৰি পৰা ভেনখনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ইয়াৰে এজন অপৰাধীয়ে পলায়নৰ সময়ত আৰক্ষীৰ ৰাইফল লৈ পলায়ন কৰে বুলি আৰক্ষীয়ে সদৰি কৰেছে। ঘটনাৰ পিছতে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ দিয়া আৰক্ষী জোৱান দুজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাকৈ প্ৰদান কৰাৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ অতি সোনকালে তদন্ত কৰি পলাতক অপৰাধী কেইজনৰ সন্ধান উলিয়াবলৈ নিৰ্দেশ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in