দেৰগাঁৱৰ ৰঙামাটি বাগিচাত ২০ শতাংশ বোনাছসহ ভিন্ন সমস্যাৰ দাবীত আটছা-শ্ৰমিকৰ ধৰ্ণা কাৰ্য্যসূচী

দেৰগাঁৱৰ ৰঙামাটি বাগিচাত ২০ শতাংশ বোনাছসহ ভিন্ন সমস্যাৰ দাবীত আটছা-শ্ৰমিকৰ ধৰ্ণা কাৰ্য্যসূচী

ডিজিটেল সংবাদ, দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি চাহ বাগিচা কাৰ্য্যালয়ৰ সন্মুখত শুকুৰবাৰে পুৱা অসম চাহ জনজাতি ছাত্র সন্থাৰ ৰঙামাটি উপ শাখাৰ উদ্যোগত আৰু অসম চাহ নিগম অধীনৰ ৰঙামাটি চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সহযোগত ২০ শংতাশ বোনাছ দিয়াৰ লগতে অন্যান্য জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত শ শ শ্ৰমিকে ধৰ্ণা দি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে অসমৰ চাহ উদ্যোগ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে শেহতীয়াকৈ চাহ কোম্পানীসমূহে শ্ৰমিকসকলক ২০ শতাংশ বোনাছ প্ৰদান কৰাত অসমৰ্থ হোৱা বিষয়টোক কেন্দ্ৰ কৰি আটছাৰ নেতৃত্বত চলা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ দেৰগাঁও শাখাৰ সম্পাদক অমৃত ৰবিদাসে যিকোনো মূল্যৰ বিনিময়তে চাহ শ্ৰমিকসকলক আগন্তক দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাছ প্ৰদান কৰিব লাগিব বুলি দাবী জনায়।

ইপিনে প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, অসম চৰকাৰ হায় হায়, ২০ শতাংশ বোনাছ প্ৰদান কৰক আদি ধ্বনিৰে ৰঙামাটি চাহ বাগিচাৰ আকাশ-বতাহ কঁপাই তোলে। উল্লেখ্য যে একাংশ বাগিচাই ২০ শতাংশ বোনাছ দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে অসমৰ গৰিষ্ঠ সংখ্যক চাহ বাগিচাই আজিও কিমান বোনাছ দিব সেয়া স্পষ্ট নকৰাত আটছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে যদিহে মালিক পক্ষই শ্ৰমিকসকলৰ দাবীসমূহ মানি নলয়, তেন্তে তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হ'ব লাগিব বুলি আটছাৰ গোলাঘাট জিলাৰ সমিতিয়ে দাবী কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত আটছাৰ গোলাঘাট জিলা, দেৰগাঁও শাখাৰ কৰ্মীৰ লগতে ৰঙামাটি উপ শাখাৰ সভাপতি প্ৰাঞ্জল গোৱালা, সম্পাদক উমেশ ৰবিদাস, অসম চাহ মজদুৰ সংঘৰ ৰঙামাটি শাখাৰ সভাপতি-সম্পাদকসহ বহু কৰ্মকৰ্তাৰ উপস্থিতিত ৰঙামাটি চাহ বাগিচাৰ পৰিচালকৰ জৰিয়তে অসম চাহ নিগম লিমিটেডৰ সঞ্চালকলৈ ১১ দফিয়া দাৱীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

অসম চাহ নিগমৰ অন্তৰ্ভূক্ত হৈ থকা নেঘেৰিটিং, ৰঙামাটি, বালিজান, কৰনাটিং, ৰাংলঙটিকে ধৰি ৰাজ্যখনৰ ১৫ খন বাগিচাৰ শ্ৰমিকৰ ২০ শতাংশ বোনাছ দিয়া, শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, প্ৰধান মন্ত্ৰীৰ আৱাস গৃহৰ বাবে শ্ৰমিকক ভূমিৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ দিয়া, ৰঙামাটিত চাহ উদ্যোগ স্থাপন কৰা, অৱসৰপ্ৰাপ্ত শ্ৰমিকক বকেয়া আৰু গ্ৰেচুয়েটীৰ ধন মোকলাই দিয়া, বাগিচাৰ ভূমি বেচা-কিনা বন্ধ কৰা, শিক্ষিতসকলক নিযুক্তি দিয়া, জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়া, বাগিচাসমূহ মদমূক্ত ৰূপে গঢ়ি তোলা, বাগিচাৰ মাটি দখল মুক্ত কৰা, বাগিচাৰ যাতায়ত ব্যৱস্থা উন্নত কৰা আদি শ্ৰমিকৰ বিভিন্ন সমস্যৰ শীঘ্ৰে সমাধানৰ দাবী কৰিছে আটছাই। নহ'লে অনাগত দিনত ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ'ব বুলি আটছাৰ কৰ্মীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in