চিচি টিভি কেমেৰাত বন্দী চুৰি কাণ্ড, এ টি এমৰ পৰা বেটেৰী চুৰি কৰি আৰক্ষীৰ জালত পৰিল চোৰ

চিচি টিভি কেমেৰাত বন্দী চুৰি কাণ্ড, এ টি এমৰ পৰা বেটেৰী চুৰি কৰি আৰক্ষীৰ জালত পৰিল চোৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ আই টি আই মহাবিদ্যালয়ৰ চৌহদৰ ষ্টেট বেংকৰ এ টি এমৰ পৰা বেটেৰী চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন চোৰ। মঙলবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, যোৱা ১৬ ডিচেম্বৰত মকহাবিদ্যালয়ৰ চৌহদত থকা ষ্টেট বেংকৰ এ টি এমটোৰ পৰা এটা ১২ ভল্টৰ বেটেৰী চুৰি কৰিছিল ভাত্তিক চৌহান নামৰ এজন চোৰে। পিছে এই সমগ্ৰ চুৰি ঘটনা বন্দী হৈ ৰয় এ টি এমটোৰ ভিতৰত লাগি থকা চিচি টিভি কেমেৰাত।

পিছত এ টি এমটোৰ তদাৰকৰ দায়িত্বত থকা এফ আই এছ পেমেন্ট চলিউশ্যন নামৰ সংস্থাটোৱে চিচি টিভি ফুটেজ নগাঁও আৰক্ষীক প্ৰদান কৰাত চিচি টিভি ফুটেজৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in