পথত পৰিল ধন, বুটলিবলৈ উপস্থিত অগণন! ভাইৰেল VIDEO…

পথত পৰিল ধন, বুটলিবলৈ উপস্থিত অগণন! ভাইৰেল VIDEO…

ডিজিটেল ডেস্কঃ টকাৰ প্ৰয়োজন প্ৰতিজন মানুহৰেই। কিয়নো ধন বা টকা অবিহনে কোনেও নিজৰ জীৱন অতিবাহিত কৰিব নোৱাৰে। কিন্তু এই টকা উপাৰ্জনৰ বাবে কৰিব লাগে পৰিশ্ৰম। চৰকাৰী-বেচৰকাৰী চাকৰি বা নিজা ব্যৱসায় কৰি টকা উপাৰ্জন কৰাৰ বাদে আন কোনো পথ বৰ্তমান নাই।

কিন্তু যদি কোনো পৰিশ্ৰম নকৰাকৈয়ে বহু ধন লাভ কৰা যায় তেন্তে সকলোৱে আচৰিত আৰু আনন্দিত হৈ পৰিব। আটলান্টাত সংঘটিত হয় এনে এক ঘটনা। ঘাইপথত নগদ ধন কঢ়িয়াই নিয়া এখন বাহনৰ পিছৰ দৰ্জাখন খুলি যোৱাৰ ফলত পথত পৰি ৰয় এক বৃহৎ পৰিমানৰ ধন।

বাহনখনৰ পৰা টকাৰ নোটসমূহত পথত পৰি যোৱাৰ পাছতেই সেই ধন বহু লোকে উঠাই লৈ যায়। ঘাইপথটোৰে যোৱা গাড়ীসমূহৰ পৰা মানুহবোৰে নামি পৰি থকা নোটবোৰ লৈ গুচি যায়। ডব্লিউ এছ বি ৰেডিঅ' অনুসৰি, এছফোৰ্ড ডনবুডী ৰোডত ট্ৰাকখনৰ পৰা বৃহতৎ পৰিমানৰ নোট পথটোত পৰে। আৰু বহু লোকে সেই ধন নিবলৈ ভিৰ কৰে।

https://twitter.com/Caramelbelle/status/1148764737850748928

ইফালে, স্থানীয় আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ১ লাখৰ পৰা ১.৭৫ লাখ টকাবাহনখনৰ পৰা বাহিৰত পথটোত পৰে। বাহনত লাগি থকা কেমেৰাত অৱশ্যে বন্দী হয় এই দৃশ্য।ভিডিঅটোত দেখা গৈছে যে, বাহনৰ পৰা নামি মানুহবোৰে সেই ধন বুটলি নিয়ে।

আনহাতে, এই ভিডিঅটো ভাইৰেল হৈ পৰাৰ পাছত বহুলোকে ইয়াক লৈ প্ৰতিক্ৰিয়াওব্যক্ত কৰিছে। একাংশ ইয়াক লৈ আলোচনা কৰিছে, আন একাংশই আকৌ দুখ কৰি কৈছে যে, ময়োযদি সেই পথেৰে গ'লোহেঁতেনতেন্তে ময়ো বহু টকা আনিব পাৰিলো হয়।

উল্লেখ্য যে, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছত যেতিয়া আৰক্ষী উক্ত স্থানত উপস্থিত হয়গৈ, তেতিয়ালৈকে সকলোৱে টকাখিনি লুটি তাৰ পৰা গুচি যায়। আৰক্ষীয়ে এই ধন বুটলি নিয়া লোকসকলক সাৱধানবাণী দি এটা পোষ্ট কৰে। আৰু এই পোষ্টটোত লিখে- এনেদৰে পথত ধন বুটলি নিয়াটোও এক প্ৰকাৰৰ অপৰাধ।

https://www.facebook.com/dunwoodypolice/posts/10156108973236603

আৰক্ষীৰ এই পোষ্টটোৰ পাছতেই একাংশ লোকে বুটলি নিয়া সেই ধন ওভতাই দিবলৈ আৰক্ষী থানাত উপস্থিত হয়। আৰক্ষীয়েও ওভতাই দিয়া ধনখিনিৰ ফটো পোষ্ট কৰি ধন ঘূৰাই দিয়া লোক কেইজনৰ প্ৰশংসা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in