ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ’ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াঃ শেষ যাত্ৰাত সংগ দিলে লাখ লাখ লোকে

ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ’ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াঃ শেষ যাত্ৰাত সংগ দিলে লাখ লাখ লোকে

ডিজিটেল ডেস্কঃ শোক সাগৰত বুৰাই থৈ গুচি গ'ল অটল বিহাৰী বাজপেয়ী। তেওঁৰ নশ্বৰ দেহ লৈ ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ ৰাওনা হৈছে এক বৃহৎ সমদল। প্ৰিয় নেতাজনৰ শেষ যাত্ৰাৰ সংগীত হৈছে দেশ-বিদেশৰ নেতাৰ লগতে তেওঁক ভাল পোৱা লাখ লাখ অনুগামী।

দিল্লীৰ ৰাজপথত বিৰদি বাট পাবলৈ নাইকিয়া অৱস্থা। 'অটলজী অমৰ হওঁক' ধ্বনিৰে দিল্লীৰ আকাশ-বতাহ ভৰি পৰিছে। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অটলজীৰ নশ্বৰ দেহ কঢ়িওৱা গাড়ীৰ কাষেৰে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰীয় স্মৃতিস্থলেই হ'ব বাজপেয়ীৰ অন্তিম ঠিকনা। চিৰদিনৰ বাবে তাতেই শুই পৰিব চিৰকুমাৰ নেতাজন।

পুৱাই তেওঁৰ বাসগৃহৰপৰা নশ্বৰদেহ অনা হৈছিল  বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্যকাৰ্যালয়লৈ। তাৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়তে অগণন লোকে শেষ বিদায় জনালে অটল বিহাৰী বাজপেয়ীক। অটল বিহাৰী বাজপেয়ীক শেষ বিদায় জনাবলৈ অহা বিদেশী নেতাসকলৰ ভিতৰত আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই, ভূটানৰ ৰজা, শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰীৰ লগতে নেপাল চৰকাৰৰ প্ৰতিনিধিও উপস্থিত আছে।

ভাৰতৰত্ন বাজপেয়ীৰ নশ্বৰ দেহ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ৪ কিঃমিঃ নিলগৰ ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ গৈ থকা সমদলত স্বতঃস্ফূতভাৱে অংশ লয় গণমুগ্ধসকলে। ইফালে, বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতে এচিয়ান গেমছত লাভ কৰা সকলো পদক বাজপেয়ীৰ  নামত উৎসৰ্গা কৰা হ'ব বুলি এচিয়ান গেমছৰ ভাৰতীয় দলৰ চীফ দ্য মিচন ব্ৰীজভূষণ শ্বাৰণে জানিবলৈ দিছে। আবেলি ৪ বজাত সম্পূৰ্ণ হ'ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in