চমু পথেৰে, সহজ উপায়েৰে লাভ কৰা সফলতা কেতিয়াও স্থায়ী নহয়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

চমু পথেৰে, সহজ উপায়েৰে লাভ কৰা সফলতা কেতিয়াও স্থায়ী নহয়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…


ডিজিটেল সংবাদ, নগাঁওঃ "আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁৰ লেখনিৰে আহ্বান জনাইছিল যে, অসম খনক আধুনিক ৰূপত গঢ় দিব লাগিব। অসম খনক সকলো দিশতে সুন্দৰ ভাৱে গঢ় দিব লাগিব।এই মহান মণিষী গৰাকীৰ আশা আকাংক্ষা পূৰণ কৰাৰ দায়িত্ব আমি সকলোৱে নিষ্ঠা সহকাৰে পালন কৰিব লাগিব।"বৃহস্পতিবাৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ সমাপন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয়,"মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে ঠিৰাং কৰিব লাগিব যে তেওঁ লোকে কঠোৰ শ্ৰম আৰু সাধনাৰ যোগেদি নিজকে সু নাগৰিক হিচাপে গঢ় দিব।এই সংকল্প মনে প্ৰাণে লোৱা উচিত।কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নিজকে ‌ সফল নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।

পৰিশ্ৰম অবিহনে পৰিবৰ্তন নহয়, সফলতা নাহে আৰু সফলতাৰ দুৱাৰ দলিত উপনীত হব নোৱাৰে। চমু পথেৰে, সহজ উপায়েৰে লাভ কৰা সফলতা কেতিয়াও স্থায়ীত্ব নহয়।নিষ্ঠা, সততা, একাগ্ৰতাৰে আগবাঢ়িলে নিশ্চিত ভাবে বাঞ্চিত ফলাফল লাভ কৰিব। "সোণোৱালে কয়,"সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব।পৰিশ্ৰম নকৰিলে সফলতা কেতিয়াও দুৱাৰ মুখলৈ নাহে।"ছাত্র-ছাত্ৰী সকলক মূল্যবোধৰ আধিৰত নিজৰ ব্যক্তত্ব নিৰ্মাণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে লগতে কয়,"নিজকে শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।পৃথিৱীত সকলো কামেই সম্ভৱ।কেৱল একাগ্ৰতা আৰু সাধধা লাগে।কৰ্মই সাধনা আৰু কৰ্তব্যই ভগৱান, এই নীতিৰ আধাৰত আমি আগবাঢ়িব লাগিব।"

সম্প্ৰতি বিশ্বৰ বুকুত শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতা আৰম্ভ হোৱা বুলি মন্তব্য কৰিমুখ্যমন্ত্ৰী সোণোৱালে কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ভাৰত ৰাষ্ট্ৰক বিশ্বত শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত অৱতীৰ্ণ হৈছো।আমি বিচাৰিছো আমেৰিকা-চীনতকৈ ভাৰতৰাষ্ট্ৰ আৰু অধিক শক্তিশালী হওঁক।প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰিছে।আমি প্ৰতি গৰাকী ছাত্র-ছাত্ৰীক যোগ্য দক্ষ নাগৰিক হিচাবে, দেশভক্ত হিচাপে গঢ় দিব লাগিব।"

অসম খন সমৃদ্ধিশালী হোৱা সত্বেও দেশ স্বাধীন হোৱাৰ পাছত বিভিন্ন সময়ত ৭০বছৰৰ অধিক কাল চৰকাৰে গুৰুত্ব নিদিয়াত ৰাজ্য খন অন্ধকাৰচ্ছন্ন হৈ পৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে আওপকীয়াকৈ কংগ্ৰেছৰ শাসন কালৰ বঞ্চনাৰ প্ৰসংগ উত্থাপন কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতাত এতিয়া অসম চৌদিশে পোহৰৰে উদ্ভাসিত হৈ পৰিছে।

সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত"জিলিকাব লূইতৰে পাৰ"ৰ কথা উল্লেখ কৰি সোণোৱালে কয়"সুধাকন্ঠৰ গীতৰ কথাক আমি বাস্তৱায়িত কৰিব লাগিব।"মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা সভা খনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,সাংসদ ৰামেশ্বৰ তেলীয়েও ভাষণ দিয়ে।আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in