বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু…

বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ সন্ত্ৰাস চলাইছে বিহাৰত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি হৈ থকা প্ৰবল বৰষুণে তীব্ৰ সমস্যাৰ সৃষ্টি কৰাৰ বিপৰীতে ৰাজ্যখনত বজ্ৰপাত পৰি বিগত ২৪ ঘণ্টাৰ ভিতৰতে ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাবলগা হৈছে। বুধবাৰে বিহাৰৰ চৰকাৰে সদৰী কৰা তথ্যানুসৰি ৰাজ্যখনৰ গয়া আৰু কেমুৰত প্ৰবল বৃষ্টিপাতত বজ্ৰপাত পৰি ৬ জনকৈ লোকৰ মৃত্যু হৈছে।

ইফালে পাটনা, ভোজপুৰ, পূৰ্ব চম্পাৰণ, চিয়ান আৰু আৰোৱালত বজ্ৰপাতৰ ফলত ২জনকৈ লোকে প্ৰাণ হেৰুৱাবলগা হৈছে। কাতিহাৰ আৰু জাহানবাদেও ১জনকৈ লোকৰ মৃত্যু ঘটিছে। বুধবাৰে আবেলি পৰ্যন্ত প্ৰবল বৰষুণ নামে বিহাৰত। ৰাজ্যখনত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। লগতে মৃতকৰ পৰিয়াললৈ চৰকাৰী সাহায্য প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in