অৱশেষত স্বৰূপ ওলাল এনআৰচি বিৰোধী মমতা বেনাৰ্জীৰ

অৱশেষত স্বৰূপ ওলাল এনআৰচি বিৰোধী মমতা বেনাৰ্জীৰ

ডিজিটেল ডেস্কঃ অৱশেষত প্ৰকৃত স্বৰূপ ওলাল অসমৰ এন আৰ চিক লৈ বিগত কিছুদিন ধৰি তৰ্জন-গৰ্জন কৰি অহা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে বিৰূপ মন্তব্য প্ৰকাশ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ সন্দেহ প্ৰকাশ কৰিছিল চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

সবিশেষ খবৰ নৰখাকৈয়ে তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে এন আৰ চিৰ ফলত অসমৰ ভিন্ন প্ৰান্তত অৰাজক পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলিও মন্তব্য কৰিছিল। এন আৰ চিৰ ফলত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে অসম চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিয়া বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভুল মন্তব্য কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল নেত্ৰীগৰাকীয়ে।

সিমানেই নহয়, মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সাংসদসকলে যোৱা ২৯ জুলাইৰে পৰা সংসদ ভৱনত অসমৰ এন আৰ চিক লৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰৰোচিত মন্তব্য কৰি অহা দেখা গৈছে।

ইয়াৰ মাজতে, প্ৰতীক হাজেলাই কৰা এক ঘোষণাত পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰকৃত স্বৰূপ। সংবাদ মাধ্যমক হাজেলাই জনোৱা মতে এন আৰ চি প্ৰস্তুতৰ বাবে অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা পশ্চিমবংগ চৰকাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ১.৫০ লাখ নথি।

কিন্তু দুৰ্ভাগ্যজনকভাৱে চুবুৰীয়া ৰাজ্যখনে মাত্ৰ ১৫ হাজাৰ নথিহে পৰীক্ষা কৰে। বিপৰীতে ১.৩৫ লাখ নথি পৰীক্ষা নকৰাকৈয়ে ৰাখে। পশ্চিম বংগ চৰকাৰৰ এনে হেমাহিৰ ফলতে এইসকল লোকৰ নাম খচৰাৰ পৰা বাদ পৰা বুলি সদৰী কৰিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

এই কথাকে উল্লেখ কৰিছিল ৰাজ্যসভাত মঙলবাৰে এন আৰ চি সন্দৰ্ভত দেশবাসীক স্পষ্ট কৰি দি গৰজি উঠা সাংসদ বিশ্বজিত দৈমাৰীয়েও। সাংসদগৰাকীয়ে কৈছিল যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰে লিগেচি ডাটা সময়ত নিদিয়া বাবেই বিবাহসূত্ৰে অসমৰ বাসিন্দা হোৱা বহু মহিলাৰ নাম বাদ পৰিছে। আজি হাজেলাই কৰা এই ঘোষণাই সাংসদ দৈমাৰীৰ কথা যে সম্পূৰ্ণৰূপে সত্য আছিল সেই কথাকে প্ৰতিপন্ন কৰিছে।

উল্লেখ্য যে, এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০,০৭,০০৭ জন আবেদনকাৰীৰ নাম। এইসকল লোকক ভিত্তিহীনভাৱে অসম চৰকাৰে হাৰাশাস্তি চলাব বুলিও পশ্চিমবংগ চৰকাৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইমানতে ক্ষান্ত নাথাকি অসমীয়া ৰক্ষা কবচ স্বৰূপ এন আৰ চি ৰূপায়ণৰ ক্ষেত্ৰত বিধি-পথালি দিবলৈ কাইলৈ তৃণমূলৰ সাংসদ-বিধায়কৰ এটা দলে অসম ভ্ৰমণ কৰিব বুলিও খবৰ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in