লকডাউনৰ সময়ত ৰে’ল, বিমানবন্দৰলৈ যাবলৈ আৰক্ষীয়ে দিব বাছ, যোগাযোগৰ নম্বৰ লগত ৰাখক…

লকডাউনৰ সময়ত ৰে’ল, বিমানবন্দৰলৈ যাবলৈ আৰক্ষীয়ে দিব বাছ, যোগাযোগৰ নম্বৰ লগত ৰাখক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি কোনো লোকে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। কামৰূপ মহানগৰ জিলাত লকডাউনৰ সময়ত এএছটিচি বাছ সেৱা সমূহ চহৰৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ তথা ৰে'ল ষ্টেচনলৈ যাত্ৰা কৰিব। নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে।

  • ১. দিছপুৰ আৰক্ষী থানা
  • ২. নুনমাটি আৰক্ষী থানা
  • ৩. পাণবজাৰ আৰক্ষী থানা
  • ৪. লতাশিল আৰক্ষী থানা
  • ৫. পল্টন বজাৰ আৰক্ষী থানা
  • ৬. ভৰলুমুখ আৰক্ষী থানা
  • ৭. গীতানগৰ আৰক্ষী থানা
  • ৮. জালুকবাৰী আৰক্ষী থানা
  • ৯. বশিষ্ঠ আৰক্ষী থানা
  • ১০. ফটাশিল আমবাৰী আৰক্ষী থানা
  • ১১. হাতীগাঁও আৰক্ষী থানা
  • ১২. গড়চুক আৰক্ষী থানা
  • ১৩. ভঙাগড় আৰক্ষী থানা
  • ১৪. সাতগাঁও আৰক্ষী থানা
  • ১৫. চান্দমাৰী আৰক্ষী থানা
  • ১৬. ফাঁচী বজাৰ আৰক্ষী চকী
  • ১৭. মালিগাঁও আৰক্ষী চকী
  • ১৮. উদালবাকৰা আৰক্ষী চকী
  • ১৯. বিৰুবাৰী আৰক্ষী চকী
  • ২০. যোৰাবাট আৰক্ষী চকী
  • ২১. আইএছবিটি আৰক্ষী চকী
  • ২২. পানীখাইতি আৰক্ষী চকী

এই বাছসমূহ ওপৰত উল্লেখিত স্হানৰ পৰা ৰাতিপুৱা ৫ বজাত, ৭ বজাত, ৯ বজাত, ১১ বজাত, ১ বজাত, ৩ বজাত, ৫ বজাত আৰু সন্ধিয়া ৭ বজালৈ চলাচল কৰিব। গুৱাহাটীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰে'ল সেৱাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে বিমানবন্দৰলৈ আৰু ৰে'ল ষ্টেচনলৈ যাবৰ বাবে পঞ্জীয়ন কৰিব পাৰিব http://assamtransportrelief.in/ ত।

নিম্নলিখিত হোৱাটচ্আপ (Whatsapp) নম্বৰৰ জৰিয়তেও কোনো লোকে পঞ্জীয়ন তথা যোগাযোগ কৰিব পাৰিব।

  • 6026900637
  • 6026900969
  • 6026900638
  • 6026900970
  • 6026900639
  • 6026900971
  • 6026900966
  • 6026900972
  • 6026900967
  • 6026900973
  • 6026900968
  • 6026900976

এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। কোনো লোকে পঞ্জীয়ন কৰিব বিচাৰিলে যিকোনো যাত্ৰাৰ ২৪ ঘন্টা আগতীয়াকৈ কৰাটো অনিবার্য লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইন্টৰ নাম, ফ্লাইট/ৰে'ল নম্বৰ, ফ্লাইট আৰু ৰে'লৰ এৰা সময় আৰু তাৰিখ, পিএনআৰ কোড নম্বৰ যোগান ধৰিব লাগিব। যাত্ৰীসকলে এএছটিচিৰ বাছৰ সেৱা গ্ৰহণৰ আগমূহুৰ্তত ৰে'ল আৰু ফ্লাইটৰ টিকত দেখুৱাব লাগিব।

যিসকল বাসিন্দাই ব্যক্তিগত আৰু ভাড়াতীয়া গাড়ী বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনলৈ পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যবহাৰ কৰিব বিচাৰে তেওঁলোকে পঞ্জীয়ন কৰিব নালাগে। কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰে'লৰ টিকট ৰাখিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in