ডিজিটেল সংবাদ, ডবকাঃ কোৰোনাৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে সমগ্ৰ ৰাজ্যৰ প্ৰতিখন পৌৰসভা আৰু নগৰ সমিতি এলেকাত সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে লকডাউন ঘোষণা কৰিছে৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই জিলাৰ ডবকাতো এই দুদিন লকডাউন পালন কৰাৰ ৰাইজে সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াইছে৷
ইয়াৰ মাজতেই হোজাই জিলা প্ৰশাষণৰ একাংশ বিষয়াৰ কৰ্মকাণ্ডই ৰাইজৰ চকু কপালত তুলিছে৷ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া হোজাইৰ জাংমিৰ ৰংফাৰ্ফি নামৰ এগৰাকী সহকাৰী আয়ুক্তই এটি চিআৰপিএফ ৰ বাহিনী লৈ হঠাতে ডবকাতে প্ৰৱেশ কৰে আৰু জৰুৰী কালিন কামত ওলায় অহা একাংশ লোকক মাৰধৰ কৰিবলৈ ধৰে৷ সেই সময়ত এটি ব্যক্তিগত বৈদ্যুতিক চেনেলৰ আব্দুল হেকিম নামৰ সাংবাদিকজনে বাতৰি সংগ্ৰহ কৰি আছিল আৰু বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে বিষয়া গৰাকীৰ সন্মুখতেই চিআৰপিএফৰ জোৱানে সাংবাদিক গৰাকীকো মাৰধৰ কৰে৷ পাছত সাংবাদিক গৰাকী ডবকা আৰক্ষী থানাত উপস্থিত হৈ বিষয়া গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷
জানিব পৰা মতে শনিবাৰে যেতিয়া বিষয়া গৰাকীয়ে ডবকাত এনেদৰে বিশাল চিআৰপিএফ বাহিনী লৈ এনেদৰে অভিযান চলায় আছিল সেই বিষয়ে ডবকা আৰক্ষীকো তিলোমানে অৱগত কৰোৱা নাছিল৷ ইফালে সাংবাদিক গৰাকীক বিষয়াগৰাকীকৰ উপস্থিতিতেই চিআৰপিএফৰ জোৱানে আক্ৰমণ কৰা ঘটনা জিলা খনৰ সমূহ সাংবাদিক তথা সচেতন ৰাইজে গৰিহণা দিছে৷ লগতে বিষয়া গৰাকীৰ এনে কৰ্মকাণ্ডৰ বিষয়ে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ হোজাই জিলা প্ৰশাসনৰ উচৰত দাবী জনাইছে ডবকাৰ সচেতন মহলে৷