প্ৰতীকি ফটো
প্ৰতীকি ফটো

দেশজুৰি বলিছে পৰিৱৰ্তনৰ বতাহঃ ৩ ৰাজ্যৰ ৩৯ গৰাকী নেতা-বিধায়কৰ বিজেপিত যোগদান

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই বৃদ্ধি পাইছে দল বাগৰাৰ ৰাজনীতি। ৰাজ্যখনৰ ইজনৰ পিছত সিজনকৈ বিৰোধী নেতাই এতিয়া বাচি লৈছে বিজেপি। দেশজুৰি চলা প্ৰচণ্ড মোডী লহৰ আৰু লোকসভা নিৰ্বাচন, ২০১৯ত বিজেপিয়ে লাভ কৰা অভূতপূৰ্ব বিজয়ৰ পিছত এইবাৰ ৩ ৰাজ্যৰ ৩৯ গৰাকীকৈ বিৰোধীৰ নেতাই নিজৰ উজ্বল ৰাজনৈতিক ভৱিষ্যত বিচাৰি বিজেপিৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ।

ঝাৰখণ্ডৰ আঞ্চলিক ৰাজনৈতিক দল ঝাৰখণ্ড বিকাশ মৰ্চাৰ কেইবাগৰাকীও নেতা-বিধায়কে শেহতীয়াকৈ বিজেপিত যোগ দিয়াৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। জেবিএমৰ নেতা লক্ষ্মণ স্বৰ্ণকাৰ, যোগেন্দ্ৰ প্ৰতাপ সিং, নীলম দেৱী, কেকে পোদ্দাৰ, মুন্না মাল্লিক, প্ৰভাত ভুইয়াকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই বিজেপিত যোগ দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইয়াৰোপৰিও ঝাৰখণ্ড মুক্তি মৰ্চাৰ নিলম্বিত বিধায়ক জয়প্ৰকাশ ভাই পেটেলেও দুই এদিনৰ ভিতৰতে বিজেপিত যোগ দিব পাৰে বুলি চৰ্চা চলিছে।

আনহাতে লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপিৰ মিত্ৰজোঁটে বিৰোধীক তুলাধূনা দিয়াৰ পিছত এনচিপি আৰু কংগ্ৰেছৰ নেতাৰ সোঁত বৈছে বিজেপি আৰু শিৱসেনালৈ। এনচিপিৰ মুম্বাই সমিতিৰ সভাপতি শচীন অহিৰে বিজেপিত যোগ দিয়াৰ পিছত এইবাৰ ৰাধাকৃষ্ণ ৱিখে, শিৱেন্দ্ৰৰাজে ভোচলে, সন্দীপ নাইক আদি কেইবাগৰাকীও নেতাই গেৰুৱা বসন পিন্ধিব।

অক্টোবৰ মাহত হাৰিয়ানাত অনুষ্ঠিত হ'ব পাৰে বিধানসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত শাসক-বিৰোধীৰ তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দল সলনি কৰাত নামি পৰিছে বহু নেতা-কৰ্মী। ইতিমধ্যে ৰাজ্যখনৰ ইণ্ডিয়ান নেশ্যনেল লোক দলৰ ১০ গৰাকী বিধায়কে বিজেপিত যোগ দিছে। তদুপৰি আন কেইবাগৰাকীও নেতা আৰু বিধায়কে এতিয়া বিজেপিত যোগ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in