দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য অসমৰ অম্লান: সৃষ্টি হ’ল ইতিহাস….

দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য অসমৰ অম্লান: সৃষ্টি হ’ল ইতিহাস….

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নৱতম চাঞ্চল্য হিচাপে চিহ্নীত হৈছে অসমৰ অম্লান বৰগোঁহাই। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি অসমৰ এইগৰাকী খেলুৱৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইয়ে লাভ কৰিছে স্বৰ্ণ পদক।

পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি এই সফলতা অৰ্জন কৰিছে। প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাইত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বপলৈও যোগ্যতা অৰ্জন কৰিছে ।

আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে, ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in