কবিতা ১৩/ অচিনা অনুভৱৰ অনুভূতি

কবিতা ১৩/ অচিনা অনুভৱৰ অনুভূতি

-দুলাল নাথ

হয়তো আহিব জোনাকী ৰাতি

পাশ্চাত্যৰ ৰোমাঞ্চকৰ দৰেই,

ৰহণ সানি সিঁচৰতি কৰিব

হৃদয়ত অনুভৱৰ এধানি হাঁহি ।

এইয়া মাথো আশা

মাথো কবি হৃদয়ৰ কল্পনা,

বাস্তৱ জিয়া ছবিত

এই অনুভৱৰ মাথো শূণ্যতাৰ মিল ।

তথাপিও স্তব্ধ কলমৰ

নি:শব্দতাৰ প্ৰাচীৰ ভাঙি,

অচিনা অনুভৱৰ অনুভূতিয়ে

কবিৰ হৃদয়ত মাৰেহি এভুমুকি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in