আইতাই ক'লে,
মাটিত লেপেটা কাঢ়ি বহি থকা মোৰ ছাঁটো
সাইলাখ দেউতাৰ দৰে।
পানীজুৱলিত কক্ বকাই মৰা তেওঁৰ শৈশৱটোও বোলে
মোৰ দৰেই আছিল।
খুৰাই ক'লে,
বৰণীৰ ডৰীত সোণবৰীয়াল ঘঁহি নিদিলে
পুঙাত মৰাশ উটি আছে কালিকা পুখুৰীত।
যোৱা বেলি ভৰ বাৰিষাত মাছৰ উজান আহিছিল,
ঘৰৰ চোতালত শবোৰে গা শুকুৱাইছিল।
আখলৰ কথা, জুহালৰ কথা…..
কথাৰ পাগত কথা চলে
আইতাই চৰু জোৰে,
বিষদাঁত খুলি বহে গছৰ ডালবোৰে ।