ৰাজ্যজুৰি স্মৰণ কলাগুৰুক…

ৰাজ্যজুৰি স্মৰণ কলাগুৰুক…

ডিজিটেল ডেস্কঃ ৫১ সংখ্যক মৃত্যু বাৰ্ষিকিত ৰাজ্যবাসীয়ে স্মৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে অব্যাহত থকা লকডাউনৰ মাজতে সামাজিক দূৰত্ব মানি বিভিন্ন ঠাইত অনেক লোকে বিপ্লৱী শিল্পীগৰাকীক স্মৰণ কৰিছে। তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত। আনহাতে মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত।

বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল এগৰাকী আৰক্ষী বিষয়া। তেওঁৰ মাতৃৰ নাম আছিল গেথীবালা ৰাভা। উল্লেখ্য যে, বিষ্ণুৰাভাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি শেষত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰিছিল। তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ 'কুইন এমপ্ৰেছ' পদক লাভ কৰে। ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সেনানী।

তেওঁ আছিল একেধাৰে এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। উল্লেখ্য যে, কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in