কোৰোনা ভাইৰাছৰ বাবে বন্ধ ৰাজ্যৰ ছবিগৃহঃ মুক্তি লাভ কৰাৰ পাছতে লোকচানৰ সন্মুখীন অসমীয়া ছবি “তুমি আৰু মই”…

কোৰোনা ভাইৰাছৰ বাবে বন্ধ ৰাজ্যৰ ছবিগৃহঃ মুক্তি লাভ কৰাৰ পাছতে লোকচানৰ সন্মুখীন অসমীয়া ছবি “তুমি আৰু মই”…

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যৰ চিনেমাগৃহ সমূহ বন্ধ কৰি দিয়াৰ ফলত মুক্তিলাভ কৰিয়েই সংকটৰ সন্মুখীন হ'ব লগা হ'ল নৱতম অসমীয়া কথাছবি "তুমি আৰু মই"। উল্লেখযোগ্য যে, ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত কিছুদিন ধৰি অসমীয়া চলচ্চিত্ৰ মুক্তি লাভ কৰা নাছিল যদিও শেহতীয়াকৈ যোৱা ১৩ মাৰ্চত মুক্তি পাইছিল শিৱসাগৰ জিলাৰ পৰা আৰ পি এম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ৰমেন গগৈ পৰিচালিত "তুমি আৰু মই" নামৰ কথা ছবিখন। কিন্তু মুক্তিৰ তিনি দিনৰ পিছত ৰাজ্য চৰকাৰে কোৰোনা ভাইৰাচৰ সংক্ৰমণৰ আশংকাত অসমৰ ছবি ঘৰ সমূহ বন্ধ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কথাছবি খনৰ লগতে জড়িত কলা কুশলী সকলে।

তেওঁলোকৰ দাবী যদি ৰাজ্যত শ্বপিং মল সমূহ খুলিব পাৰে তেন্তে ছবিগৃহ বন্ধ কৰা হ'ল কিয়? বিশেষকৈ এখন অসমীয়া ছবি চলি থকা অৱস্থাত কিয় এনে পদক্ষেপ গ্ৰহণ কৰা হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে শিল্পী সকলে। শিৱসাগৰৰ আমগুৰিৰ পৰা নিৰ্মিত "তুমি আৰু মই" ছবিখনৰ নিৰ্মাতা পৰিচালকক ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিব নেকি বুলিও ছবিখনৰ জড়িত লোকসকলে প্ৰশ্ন কৰিছে।

ছবিখনৰ পৰিচালক ৰমেণ গগৈৰ লগতে প্ৰযোজক ময়ুখ প্ৰতিম চুতিয়াই ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে। অৱশ্যে একাংশ লোকে কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে ছবিগৃহ বন্ধ কৰাৰ কাৰ্যৰ সমৰ্থন কৰিছে। কোৰোনা ভাইৰাছৰ বাধা দিয়াৰ বাবে চৰকাৰে ছবিগৃহৰ লগতে শ্বপিং মলসমূহ বন্ধ কৰাৰ বাবে দাবী কৰিছে এইসকল লোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in