শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

মা কামাখ্যাৰ আশীষেৰে বৃহস্পতিবাৰে শেষ প্ৰচাৰ টীম ৰত্নাকৰৰ, প্ৰথম দৰ্শনীৰ টিকট প্ৰায় শেষ…

1,077

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিব জনপ্ৰিয় অভিনেত্ৰা যতীন বৰাৰ পৰিচালিত ছবি “ৰত্নাকৰ”। ইতিমধ্যে ছবি খন লৈ বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি যতীন বৰাৰ টীম ৰত্নাকৰ প্ৰচাৰ চলাই আহিছে।

মুঠ ১৭৬ টা দৰ্শনীলৈ বৃদ্ধি কৰা হয় ছবিগৃহত ৰত্নাকৰৰ দৰ্শনী বুলি ৰত্নাকৰ ছবিৰ প্ৰযোজিকা তথা যতীন বৰাৰ পত্নী নৱনীতা শৰ্মাই জনায়। ইপিনে বিগ বাজেটৰ ছবিখন লৈ বৃহস্পতিবাৰে কামাখ্যা ধামত আশীষেৰে শেষ প্ৰচাৰ সামৰি ছবিখন দৰ্শকে আদৰি লব বুলি আশা কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে ।

Jatin Bora যতীন বৰা ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಗುರುವಾರ, ಅಕ್ಟೋಬರ್ 10, 2019

প্ৰচাৰৰ অন্তিম দিনা কামাখ্যা গেটৰ পৰা চানমাৰি হৈ প্ৰায় ২৫০ খন বাইকেৰে টীম ৰত্নাকৰে বৃহৎ বাইক ৰেলী উলিয়ায়। আনহাতে প্ৰচাৰ শেষ দিনা ছবিখনৰ জনপ্ৰিয় গীত “এটা কথা কোৱানা” গীতটো পৰিবেশন কৰি কণমানি শিশু শিল্পী হৰ্ষিতাই সকলোকে ছবিখন চাবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, অসমকে ধৰি হায়দৰাবাদ,মুম্বাই,বাংগালুৰু ধৰি আন বহু ৰাজ্যত ৰত্নাকৰ মুক্তি লাভ কৰিব । প্ৰাপ্ত খবৰনুসৰি, গুৱাহাটী, লখিমপুৰৰ তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি প্ৰায় সংখ্যক জিলাৰ ছবিগৃহত ইতিমধ্যে প্ৰায় শেষ হোৱাৰ পথত প্ৰথম দিনৰ টিকট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি