বিশ্বত উজ্বলিছে অসমীয়া ছাত্ৰী

বিশ্বত উজ্বলিছে অসমীয়া ছাত্ৰী

ডিজিটেল সংবাদ, অভয়াপুৰীঃ নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিলে অসমবাসীলৈ৷ এগৰাকী ছাত্ৰীয়ে উলূবনৰ ওপৰত কৰা গৱেষণাই এতিয়া সমাদৃত হৈছে দেশে-বিদেশে৷ ছাত্ৰীগৰাকী হ'ল অভয়াপুৰীৰ ড° কৰৱী পাঠক৷ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা "কাৰ্বন ষ্ট'ৰেজ ছেকুয়েছষ্ট্ৰেচন অপৰচুনিটিজ অৱ ইমপাৰ্টা গ্ৰাছলেণ্ড ইন বৰাকভেলী, আছাম" বিষয়ত গৱেষণা কৰি এতিয়া বিশ্ববাসীক চমকৃত কৰিবলৈ সক্ষম হৈছে তেওঁ৷

ইতিমধ্যে এই গৱেষণা পত্ৰৰ বাবে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ সুযোগ পাইছে ছাত্ৰীগৰাকীয়ে৷ উলূবন অসমত সহজলোভ্য৷ উলূবনে বৃহৎ মাত্ৰাত কাৰ্বন সংৰক্ষণ কৰিব পাৰে৷ এই কথা গৱেষণাৰ মাধ্যমেৰে ছাত্ৰীগৰাকীয়ে প্ৰমাণ কৰাৰ পিছত বিশ্বৰ বিভিন্ন গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় তেওঁ৷ ছাত্ৰীগৰাকীয়ে গৱেষণা কৰি পাইছে যে, প্ৰতি হেক্টৰ উলূবনে এক মিলিয়নগ্ৰাম কাৰ্বন সঞ্চিত কৰি ৰাখিব পাৰে৷

সাধাৰণতে উলূবন জ্বলাই দিয়া হয় যদিও গৱেষণাত উলূবনৰ এই আশ্বৰ্যকৰ গুণ পোহৰলৈ অহাৰ পিছতেই এতিয়া উলূবন সংৰক্ষণৰ কথা বিশ্বৰ বিভিন্ন প্ৰান্তত চিন্তা চৰ্চা আৰম্ভ হৈছে৷ ইতিমধ্যে কৰৱী পাঠকে জাৰ্মানী, আমেৰিকা, নেপাল, ইংলেণ্ড, ফ্ৰান্স আদিত গৱেষণা পত্ৰ পাঠ কৰিবৰ বাবে নিমন্ত্ৰিত হৈছে৷ কেবাখনো আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰত গৱেষণা পত্ৰ প্ৰকাশ পাইছে৷ শেহতীয়াকৈ টৰন্ট' বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ ভাৰত চৰকাৰৰ মানৱ উন্নয়ন মন্ত্ৰণালয়ৰ পৰা বিশেষ জলপানী লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in