জীৱনৰ মায়া এৰি স্বইচ্ছাই গুচি গ’ল বিশিষ্ট চলচ্চিত্ৰ সম্পাদক, পৰিচালক মানস অধিকাৰী…

জীৱনৰ মায়া এৰি স্বইচ্ছাই গুচি গ’ল বিশিষ্ট চলচ্চিত্ৰ সম্পাদক, পৰিচালক মানস অধিকাৰী…

ডিজিটেল ডেস্কঃ অসমীয়া চলচিত্ৰৰ এটা পৰিচিত নাম আছিল মানস অধিকাৰী। বহু কেইখন ধাৰাবাহিক আৰু চিনেমা পৰিচালনা কৰাৰ লগতে তেওঁ পৰিচালনা কৰিছিল দুখন জনপ্ৰিয় ধাৰাবাহিক। বিদেশত আপোন মানুহ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছিল তেওঁ।

মস্যগন্ধা, যোগান্ত তেজাল পুৱা, ভূমিপুত্ৰ, জোন জ্বলে কপালত, উজনিৰ দুজনী গাভৰু, হীটলিষ্ট, পত্নী, সুৰেন চোৰৰ পুতেক, জীৱন নদীৰ দুটি পাৰ, প্ৰিয়া মিলন আদি ২০খনৰো অধিক ছবি সম্পাদনা কৰা মানস অধিকাৰী আৰু নাই।

ছবি সম্পাদনা আৰু পৰিচালনাৰ জৰিয়তে অসমীয়া ছবিজগতত বিশেষ স্থান অধিকাৰ কৰিছিল মানস অধিকাৰীয়ে। চলচ্চিত্ৰৰ সৈতে জড়িত লোকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল মানস অধিকাৰী। ভাইটী দা বুলিয়েই তেওঁক মাতিছিল বহুতে।

অত্যন্ত পৰিশ্ৰমী আৰু বিনম্ৰ আছিল মানস অধিকাৰী। অসমীয়া চলচ্চিত্ৰ সম্পাদনাৰ সৈতে জড়িত এইগৰাকী পৰিচালক তথা চলচ্চিত্ৰ সম্পাদকে ভালে কেইখন হীট ছবি সম্পাদন কৰিছিল। ইয়াৰোপৰি তেওঁ নতুন নতুন পৰিকল্পনাৰে চলচ্চিত্ৰ জগতক আগুৱাই নিবৰ বাবে সদায় চেষ্টা কৰিছিল।

প্ৰাথমিক খবৰ অনুসৰি নাৰেংগীৰ বাসগৃহত আত্মহত্যা কৰে এইগৰাকী চলচ্চিত্ৰ পৰিচালক তথা চলচ্চিত্ৰ সম্পাদকে। তেওঁ সম্পাদনা কৰা আৰু পৰিচালনা কৰা বিদেশত আপোন মানুহ নামৰ চলচ্চিত্ৰখনে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিছিল।

কি কাৰণত এইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰ সম্পাদকে এনে পথ বাচি ল'লে তাক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ গুণগ্ৰাহীসকল। নতুন উদ্যমেৰে কাম কৰাৰ ইচ্ছাৰে বহু পৰিকল্পনা কৰিছিল মানস অধিকাৰীয়ে।

পেছাগত কাৰণত তেওঁ ব্যক্তিগত চেনেলত কাম কৰিছিল যদিও, সেই কামত তেওঁ সন্তুষ্টি লাভ কৰিব পৰা নাছিল। এখন অসমীয়া ছবি নিৰ্মাণৰ পৰিকল্পনাও কৰিছিল মানস অধিকাৰীয়ে। অনুৰাধা চিনেমা হলৰ সমীপতে আছিল তেওঁৰ এটা ষ্টুডিঅ'।

তেওঁ কেইবাখনো ছুটী ছবিৰো পৰিচালনা আৰু চিত্ৰ সম্পাদনা কৰিছিল। জাতিংগা ইত্যাদিৰ বাবে তেওঁ অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সম্পাদক বঁটা লাভ কৰিছিল। মুন লাইট মিডিয়া এৱাৰ্ডকে ধৰি বহু কেইটা সন্মান লাভ কৰা মানস অধিকাৰীয়ে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সৈতেও জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত গভীৰ উদ্বেগ ব্যক্ত কৰিছে বিভিন্ন জনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in