সোমবাৰে গোৱাত ৫১ সংখ্যক ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শন হ’ব কৃপাল কলিতাৰ ‘ব্ৰীজ’…

সোমবাৰে গোৱাত ৫১ সংখ্যক ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শন হ’ব কৃপাল কলিতাৰ ‘ব্ৰীজ’…

ডিজিটেল ডেস্ক : এই বছৰ ইণ্ডিয়ান পেনোৰামাৰ মূল প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হোৱা অসমীয়া চিনেমা 'ব্ৰীজ' । সোমবাৰে ১৮ জানুৱাৰী ২০২১ দিনৰ ১ বজাত গোৱাৰ আইনক্স ২ ছবিগৃহত প্ৰদৰ্শিত হ'ব ।

ইতিমধ্যেই পৰিচালক কৃপাল কলিতা,প্ৰযোজক ৰমা কুমাৰ দাস ,মুল অভিনেত্ৰী শিবাৰানী কলিতা আৰু অভিনেত্ৰী অনিন্দিতা দাস মহোৎসৱৰ আমন্ত্ৰণ মৰ্মে গোৱালৈ ৰাওনা হৈছে। "ব্ৰীজ" কাহিনী আৰু চিত্ৰনাট্য পৰিচালক কৃপাল কলিতাৰ । সবিতা দেৱী আৰু ৰমা কুমাৰ দাসে প্ৰযোজনা কৰা বহু চৰ্চিত "ব্ৰীজ" ৰ দৃশ্যগ্ৰহণ কৰিছে ৰমেন ৰাভাই ।

'ব্ৰীজ'ত চিংক চাওণ্ড মাধব দাস আৰু গুনজিত শৰ্মাৰ। চাওণ্ড ডিজাইন অমৃত প্ৰীতম ৰ। সম্পাদনা কিশোৰ ডেকা।ডি আই ৰাজেশ য়াদব। 'ব্রীজ" শেহতীয়াকৈ গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমা ৰ সন্মান লাভ কৰিছিল । অসমৰ ব্ৰীজৰ লগতে ভাৰতৰ ছবি তামিল চিনেমা ঠেন আৰু ছট্টিছগড়ৰ চিনেমা এ দগ এণ্ড হিজ মেন প্ৰদৰ্শিত হ'ব । ইফালে ইণ্ডিয়ান পেনোৰোমাত ভাৰতীয় চিনেমা ২৩ খন চিনেমা প্ৰদৰ্শন হোৱাৰ লগতে তাৰ ভিতৰত মনিপুৰৰ এখন চিনেমাইযো স্থান লাভ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in