/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/34bf9a71-d921-41b9-bc3d-dff72309e9b0-1.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ ওৰাং আৰু চিৰাজুলিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আৱতৰীয়া দেৱালী দেখা গ'ল বুধবাৰে সন্ধিয়া৷ বুধবাৰে ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাত ওৰাঙত বিভিন্ন দল সংগঠনক উৎফুল্লিত দেখা গৈছে৷
চিৰাজুলিত আছু আৰু ওৰাঙত অসম যুৱ ছাত্ৰ পৰিষদে ঢোলে দগৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে শোভাযাত্ৰা বাহিৰ কৰে৷ আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ফটকা আটচবাজীৰে সমগ্ৰ ওৰাং আৰু চিৰাজুলি উত্তাল কৰি তুলে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/7e38e1cb-c325-46f0-896f-497666440a15.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us