উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা বৰ্তমানলৈকে ৭.৯৩ শতাংশ ভোটদান….

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা বৰ্তমানলৈকে ৭.৯৩ শতাংশ ভোটদান….

ডিজিটেল ডেস্কঃ পুৱা ৭ বজাৰ অনুষ্ঠিত হৈ আছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৫৮ টা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ পুৱা ৯ বজালৈকে ৭.৯৩ শতাংশ ভোটদান হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাসমূহৰ ভিতৰত বৰ্তমানলৈকে সৰ্বাধিক ভোটদান হৈছে বাগপত জিলাত। জিলাখনত ৮.৯৩ শতাংশ ভোটদান হৈছে। আনহাতে বৰ্তমানলৈকে একেবাৰে কম ভোটদান হৈছে গাজিয়াবাদত। জিলাখনত বৰ্তমানলৈকে ৭.৩৭ শতাংশ ভোটদান সাব্যস্তব্য হৈছে।

আনহাতে চামলি জিলাত ৭.৭০ শতাংশ, মুজাফৰনগৰত ৭.৫০ শতাংশ, মেৰথ জিলাত ৮.৪৪ শতাংশ, গৌতমবুদ্ধ নগৰত ৮.৩৩ শতাংশ, হাপুড়ত ৮.২০ শতাংশ, বুলন্দচহৰত ৭.৫১ শতাংশ, আলিগড়ত ৮.২৬ শতাংশ, মথুৰাত ৮.৩০ শতাংশ আৰু আগ্ৰাত ৭.৫৩ শতাংশ ভোটদান সাব্যস্ত হৈছে।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত ৫৮ টা সমষ্টিত বিজেপি, সমাজবাদী, বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই প্ৰাৰ্থীসকলৰ মাজত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীও আছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মূল যুঁজখন অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু যোগী আদিত্যনাথৰ বিজেপিৰ মাজতে হোৱাৰ সম্ভাৱনা অছে। ৫৮ টা সমষ্টিৰ আটাইকেইটাতে এই দুয়োটা দল সৱল স্থিতিত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in