"অসমত ৰেপচিড সৰিয়হৰ উদ্ভাৱনীমূলক কৃষি প্ৰযুক্তি প্ৰশিক্ষণ''ৰ সফল সামৰণি

অসম চৰকাৰৰ অ'পিআইইউ-কৃষি সঞ্চালকালয়ে "অসমত ৰেপচিড সৰিয়হৰ উদ্ভাৱনীমূলক কৃষি প্ৰযুক্তি প্ৰশিক্ষণ'' কাৰ্যসূচী আয়োজন কৰে। ১৬-১৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰে এই প্ৰশিক্ষণ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
"অসমত ৰেপচিড সৰিয়হৰ উদ্ভাৱনীমূলক কৃষি প্ৰযুক্তি প্ৰশিক্ষণ''ৰ সফল সামৰণি

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ভৰতপুৰৰ আইচিএআৰ-ৰেপচিড-সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সহযোগত অসম চৰকাৰৰ অ'পিআইইউ-কৃষি সঞ্চালকালয়ে "অসমত ৰেপচিড সৰিয়হৰ উদ্ভাৱনীমূলক কৃষি প্ৰযুক্তি প্ৰশিক্ষণ'' কাৰ্যসূচী আয়োজন কৰে। ১৬-১৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰে এই প্ৰশিক্ষণ কাৰ্যসূচী।

প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে অ'পিআইইউ (কৃষি), খানাপাৰা, গুৱাহাটীৰ কৃষি বিশেষজ্ঞ সৌৰভ শ্ৰীবস্তৱে সকলো বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনায় আৰু কয় যে ৰেপচিড-সৰিয়হ শস্য হৈছে অসমত গুৰুত্বপূৰ্ণ তৈলবীজ শস্য। ৰাজ্যৰ চাহিদা পূৰণৰ বাবে সৰিয়হৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে।

আইচিএআৰ-ডিআৰএমআৰ-এপিএআৰ প্ৰকল্পৰ আৱাসিক পৰামৰ্শদাতা ড০ জি এন হাজৰিকাই কয় যে অসমত যথেষ্ট পৰিমাণে ৰেপচিড আৰু সৰিয়হ খেতি কৰা হয় কিন্তু ৰাষ্ট্ৰীয় উৎপাদনশীলতাৰ তুলনাত উৎপাদনশীলতা অতি কম। তেওঁ কয় যে অসমৰ কৃষকসকলৰ ক্ষমতা বিকাশে ৰেপচিড-সৰিয়হ প্ৰযুক্তি প্ৰসাৰ প্ৰক্ৰিয়াক বঢ়াই তুলিব আৰু ব্যয় সাপেক্ষ প্ৰযুক্তি প্ৰদান প্ৰণালী বজাই ৰখাৰ বাবে শক্তিশালী প্ৰতিষ্ঠানগত ক্ষমতা গঢ়ি তুলিব। এই প্ৰশিক্ষিত কৰ্মচাৰীসকলৰ উপলব্ধতাই বৃহৎ সংখ্যক কৃষকৰ বাবে ৰেপচিড-সৰিয়হ প্ৰযুক্তিৰ বহনক্ষম প্ৰসাৰ নিশ্চিত কৰিব।

অনুষ্ঠানত আইচিএআৰ-ডিআৰএমআৰ আৰু কৃষি (এপিএল) প্ৰকল্পৰ নেতৃত্ব দিয়া ড০ অশোক কুমাৰ শৰ্মাই কয় যে আইচিএআৰ-ডিআৰএমআৰে বহনক্ষম জীৱিকা সুৰক্ষাৰ বাবে অসমৰ কৃষকসকলৰ ৰেপচিড-সৰিয়হ উৎপাদন বৃদ্ধিৰ বাবে অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ সৈতে কাম কৰি আছে।

তেওঁ কৰ্মীসকলক ৰেপচিড-সৰিয়হৰ উপযুক্ত প্ৰযুক্তি চিনাক্ত কৰিবলৈ আৰু কৃষকসকলক বৈজ্ঞানিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰেপচিড-সৰিয়হৰ উৎপাদনশীলতা বৃদ্ধিয়ে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব।

অনুষ্ঠানটোৰ মুখ্য অতিথি কামৰূপৰ কেভিকেৰ মুৰব্বী ড০ ডি এন কলিতাই কয় যে যদি খেতিত উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় তেন্তে অসমত ৰেপচিড-সৰিয়হ শস্যৰ উৎপাদনৰ ভাল সম্ভাৱনা আছে। তেওঁ কয় যে আইচিএআৰ-ডিআৰএমআৰৰ বিজ্ঞানীসকলৰ পৰা এই ক্ষেত্ৰত জড়িচ কৰ্মী আৰু কৃষকসকলক কাৰিকৰী সমৰ্থন আৰু নিৰ্দেশনাই অসমত ৰেপচিড-সৰিয়হৰ বৈজ্ঞানিক খেতিৰ প্ৰচাৰত সহায় কৰিব।

সামৰণি অনুষ্ঠান উপলক্ষে মুখ্য অতিথি পিআৰ চাইণ্টিষ্টড০ পংকজ কে আৰ দেৱ চৌধুৰীয়ে কয় যে, পৰিৱৰ্তনশীল জলবায়ুৰ প্ৰতি লক্ষ্য কৰি চালে গম পোৱা যায় যে ৰেপচিড-সৰিয়হৰ খেতি অসমত কৰাৰ বাবে উপযুক্ত।

তেওঁ কয় যে গৱেষণা প্ৰণালীৰ দ্বাৰা শস্য উৎপাদন আৰু সুৰক্ষা প্ৰযুক্তি বিকশিত কৰা হৈছে। এতিয়া কেৱল কৃষকসকলে আগবাঢ়ি আহি শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰযুক্তি গ্ৰহণ কৰাৰ প্ৰয়োজন।

এই প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ, মৰিগাঁও, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু ধুবুৰীৰ মুঠ ২০ জন মাষ্টাৰ প্ৰশিক্ষক আৰু ৩০ জন কৃষকে অংশগ্ৰহণ কৰে।

Also Read: বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ