কলিয়াবৰৰ হাটবৰত শিশু নাট কৰ্মশালাৰ সফল সমাপ্তি…

কলিয়াবৰৰ হাটবৰত শিশু নাট কৰ্মশালাৰ সফল সমাপ্তি…

ডিজিটেল সংবাদ কলিয়াবৰ: শিশুৰ ব‍্যক্তিত্ব গঠনত শিশুনাট কৰ্মশালাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিগত সময়ছোৱাত বিদ‍্যালয়ৰ গৰমৰ বন্ধৰ সময়তে কলিয়াবৰৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানে শিশুনাট কৰ্মশালা আয়োজন কৰি আহিছে। কলিয়াবৰৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ নাট‍্য সমাজে দুবছৰীয়া কোভিড পৰিস্থিতিৰ অন্তত এইবেলিও যোৱা ৫ জুলাইৰ পৰা অনুষ্ঠিত হৈছিল শিশু নাট কৰ্মশালাৰ।

এইবাৰৰ কৰ্মশালাত কলিয়াবৰৰ ভিন্ন স্থানৰ মুঠ ৫৪ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। বিশিষ্ট নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ লগতে স্থানীয় উদীয়মান প্ৰশিক্ষিত নাট‍্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকঙ্কন ভূঞা, পল্লৱপ্ৰাণ গোস্বমী, ৰূপজ‍্যোতি গোস্বামীসহ ভালেকেইগৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত নাটকৰ 'অ আ ক খ'ৰ জ্ঞান দিয়ে।

শনিবাৰে ২৩ তাৰিখে সামৰণী অনুষ্ঠানত কৰ্মশালাৰ শিশুসকলৰ দ্বাৰা তিনিখন নাট মঞ্চায়নৰে এই শিশুনাট কৰ্মশালাৰ অন্ত পৰে। অন্তিম দিনা শনিবাৰে নিশা নাটকৰ কৰ্মশালাৰ অন্তত শিশুসকলে মঞ্চস্থ কৰে পল্লৱপ্ৰাণ গোস্বামীৰ ৰচনা আৰু পৰিচালনাৰে অভং ৰজাৰ জ্ঞান লাভ, ঝুনাকঙ্কন ভূঞাৰ পৰিচালনাৰে ৰং আহে পাহি মেলি আৰু প্ৰাঞ্জল মহন্তৰ পৰিচালনাৰ সেউজীয়া গাড়ী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in