ৰাজৰ্ষি চহৰীয়া
মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছৰে পৰা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ সুবিধাৰ্থে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা ঘোষণা ইতিমধ্যে কৰিছে। কেৱল সেয়ে নহয়, প্ৰতি সপ্তাহে কেবিনেট বৈঠক আয়োজনৰ সিদ্ধান্ত লোৱা কথা ঘোষণা কৰি অসমবাসীৰ সমস্যাসমূহৰ বিষয়ে তেওঁ অতি ভালদৰে জানিবলৈ বিচৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতিকৈ প্ৰশংসনীয়।
শুকুৰবাৰ অৰ্থাৎ ১৮ ডিচেম্বৰ, ২০২১ত দিছপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞা পত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যাণার্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে আদি কৰি আমি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
এই কেবিনেটত তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে বিশেষ ব'ৰ্ড গঠনৰ লগতে এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল'লে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰো সিদ্ধান্ত লোৱা হয়। লগতে এটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষক আৰু অৱসৰ বা দীৰ্ঘদিনৰ বাবে ছুটীত গ'লে বিদ্যালয় প্ৰধানে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটোকো অনুমোদন জনোৱা হয়।
উল্লেখ্য যে, এই কেবিনেটত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ সময়সীমা ৩বছৰলৈ বৃদ্ধি কৰা হয়। পূৰ্বে এই সময়সীমা আছিল এবছৰ। ৰাজ্যৰ ৪টা নতুন ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্তও লোৱা হয় এই কেবিনেটত।
ইয়াৰ পূৰ্বে ২৪ নবেম্বৰ, ২০২১ত অনুষ্ঠিত কেবিনেট বৈঠকতো বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেইবাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত কেইটা আছিল ক্ৰমে- অতি শীঘ্ৰেই সত্ৰৰ মাটি বেদখল কৰা হ'ব, আৰু গঠন কৰা হৈছে কমিটী।, অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতাৰ বাবে ন্যাসৰ ব্যৱস্থা, ৰাজ্যত সামান্য বৃদ্ধি হ'ব আবকাৰী কৰ। যি ক'ৰ সেই কেবিনেটৰ বৈঠকৰ কিছুদিন পাছতে বৃদ্ধি কৰা হয়। তদুপৰি বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান, চহৰৰ মাটি ল'বৰ বাবে ১০ বছৰ দখলত থাকিব লাগিব, ৰাজ্যিক শিক্ষা ব্যৱস্থাত হ'ব আমূল পৰিৱৰ্তন, ৫+৩+৩+৪ আৰ্হিত হ'ব শ্ৰেণী সমূহ, ছেবা আৰু শিক্ষা সংসদ সংলগ্ন কৰা হ'ব, ১৫ টা শ্ৰেণীত হ'ব স্কুলীয়া শিক্ষা, ৫ জানুৱাৰী পৰা হাফলঙত হ'ব কেবিনেট বৈঠক, বঙাইগাঁৱত নতুন উপায়ুক্ত কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৫০ কোটি আবন্টন, বঙাইগাঁৱত নিৰ্মাণৰ কৰা হ'ব নতুন ষ্টেডিয়াম।
তাৰ পূৰ্বে ধেমাজিত আয়োজন কৰা হৈছিল কেবিনেট বৈঠক। এই বৈঠকসমূহ কেৱল গুৱাহাটীত নকৰি ৰাজ্যৰ বিভিন্ন জিলাসমূহত অনুষ্ঠিত হোৱাৰ বাবেও বৰ্তমানৰ চৰকাৰখনে বহু কথা বুজিব পাৰিছে সৰ্বসাধাৰণৰ সমস্যাৰ সন্দৰ্ভত । ৩০ ছেপ্টেম্বৰ, ২০২১ত ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠক সম্পন্ন হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কৈছিল- '২৯ ছেপ্টেম্বৰ তাৰিখে আমি ইয়ালৈ আহিছো। ২৯ তাৰিখে মই নিজে এখন জিলা ভ্ৰমণ কৰিছো। মোৰ সতীৰ্থ মন্ত্ৰীসকলেও এখন জিলা ভ্ৰমণ কৰিছে। ৩০ তাৰিখৰ দিনটো আমি ধেমাজিত থাকিলো। অহা কালি (১ অক্টোবৰ, ২০২১) আমি গুৱাহাটীলৈ ঘূৰি যাওঁতে আৰু এখনজিলাত সোমাম। তাৰমানে কেবিনেট তিনিদিনীয়া কাৰ্যসূচী পালন কৰো। মোৰ সতীৰ্থ মন্ত্ৰীসকলে অংগনবাড়ী, প্ৰাথমিক বিদ্যালয় , জলজীৱন আঁচনিৰ দৰে কেইবাটাও আঁচনি পৰিদৰ্শন আহিব। ঘূৰি যোৱা সময়ত এজন কোভিডৰ ভেকচিন লোৱা ব্যক্তি, এজন অৰুণোদয় হিতাধিকাৰী, এজন মুক্তি যুঁজাৰু, কোনোবা বয়োজ্যেষ্ঠ নাগৰিক এইধৰণৰ ৬-৮ ঘৰ মানুহক সাক্ষাৎ কৰিব মন্ত্ৰীসকলে। ধেমাজিত আমাৰ যি অভিজ্ঞতা হ'ল আগন্তুক কেবিনেটত আমি সেইটো আলোচনা কৰিম। যোৱা কালি মই বিশ্বনাথত আছিলো, আজি ধেমাজিত আছো, কাইলৈ মই ডিব্ৰুগড়ত থাকিম। এই প্ৰচেষ্টাটো আমি ধেমাজিত আৰম্ভ কৰিলো। অক্টোবৰৰ শেষৰ ভাগত উপ নিৰ্বাচনৰ বাবে হয়তো কেবিনেট নহ'ব। নবেম্বৰৰ প্রথমটো সপ্তাহত বঙাইগাঁৱত হ'ব কেবিনেট বৈঠক। আৰু ডিচেম্বৰত আমি হাফলঙত মিলিত হ'ম। বঙাইগাঁৱত যোৱাৰ এদিন আগত আমি নামনি অসমৰ জিলাবোৰলৈ যাম। আৰু ঘূৰি আহোতে আমি গোৱালপাৰাই দি ঘূৰি আহিম। এই কেবিনেট বৈঠকখন সুন্দৰভাৱে পৰিচালনাৰ সুযোগ দিয়াৰ বাবে ধেমাজিবাসীক ধন্যবাদ জনাইছো"
তদুপৰি, কেবিনেট বৈঠকখনত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'আজিলৈ অ'বিচি চাৰ্টিফিকেটসমূহ অ'বিচি ব'ৰ্ডে ইমানদিনে দি আছে। অ'বিচিৰ চাৰ্টিফিকেট যাতে জনগোষ্ঠীটোৰ ব'ৰ্ডে দিব পাৰে তাৰ ব্যৱস্থা হাতত লোৱা হৈছে। উদাহৰণস্বৰূপে মটকৰ অ'বিচি চাৰ্টিফিকেটখনৰ বাবে সদৌ অসম মটক সন্মিলনৰ ওপৰত দায়িত্ব দিয়া হৈছে আৰু ডিচিয়ে চহী কৰিব। ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট আৰু ব্ল'ক আছে। এই দুয়োটা ট্ৰাইবেল বেল্ট এণ্ড ব্ল'কত এতিয়াৰে পৰা তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি-বাৰী কিনা-বেচা কৰিব পাৰিব। চৰ্ত এটাই যে তেওঁলোকে এই বেল্ট এণ্ড ব্ল'কত ২০১১চনৰ আগতেই ছেটেল কৰা ব্যক্ত হ'ব লাগিব। চিচি টঙনীত নতুন ট্ৰাইবেল বেল্ট এণ্ড ব্ল'ক আমি বনালো। ইয়াৰ পৰা ধেমাজিত ৰাইজ উপকৃত হ'ব বুলি আশা কৰিলো। ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা। তাৰ পৰিপ্ৰেক্ষিতত ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰীসকলক মিছন বসুন্ধৰা শেষ নোহোৱালৈ আন কামত ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ডিব্ৰুগড় আৰু শিলচৰৰ মিউনিচিপালটী ব'ৰ্ডবোৰ এতিয়াৰ পৰা মিউনিচিপালটী ক'ৰ্পৰেচন হ'ব। হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ ভুক্তভোগী কৰ্মী আৰু লিকুইডিটৰৰ বাবে ৭০০ কোটি টকাৰ পেকেজ কেবিনেটত মঞ্জুৰি দিয়া হৈছে। তাৰপাছত দুয়োটা কাগজ কলৰ ৪৭০০ বিঘা মাটি অসম চৰকাৰৰ হ'ব। মাইক্ৰ'ফাইনেন্স লোণ ৰেহাইৰ ১১ লাখ লোকৰ বাবে ১৮০০ কোটি টকা অনুমোদন কৰা হৈছে। ডিচেম্বৰৰ ১ তাৰিখৰ পৰা চেক দিয়া হ'ব। ধেমাজিৰ ইন্টিগ্ৰেটেড ডিচি কাৰ্যালয়টোৰ বাবে ৫০ কোটি টকা অনুমোদন দিয়া হৈছে। ধেমাজিত হ'ব উন্নত মানৰ ষ্টেডিয়াম। তাৰ বাবেও ৫০ কোটি টকা অনুমোদন দিয়া হৈছে। জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে হ'ব এটা পথ। জোনাই, ধেমাজি, মাজুলী, ঢকুৱাখনা চাৰিওটা সমষ্টি সামৰি ল'ব। ইয়াৰ বাবে ১৮৩ কোটি টকা ব্যয় কৰা হ'ব। ধেমাজিত বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা অনুমোদন কৰা হৈছে। ধেমাজিত হ'ব এখন মেডিকেল কলেজ । তাৰ ব্যয় প্ৰায় ৫৫০-৬০০ কোটি টকা হ'ব।'
এনেদৰে প্ৰতিখন কেবিনেট বৈঠকত অসমবাসীৰ চিন্তা কৰা তথা তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে দিনে-নিশাই কাম কৰি যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰি গৈছে। তেওঁ জানে অসমৰ ৰাইজে কি বিচাৰে। তেওঁ জানে কেনেকৈ ৰাইজৰ সমস্যা সমূহ দূৰ কৰিব পাৰি। আৰু চিন্তা কৰে ৰাইজৰ বাবে।