মুখ্যমন্ত্রী আৰোগ্য নিধিলৈ শোণিতপুৰৰ ৩৫০০ গৰাকী প্ৰাথমিক শিক্ষকে আগবঢ়ালে ২৭ লক্ষাধিক টকা… 

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, তেজপুৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণে দেশৰ লগতে অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে সময়তে স্বাস্থ্য মন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ আহ্বান মৰ্মে চৰকাৰক কোৰোনা আক্ৰান্তৰ বাবে চিকিৎসালয় নিৰ্মাণৰ বাবে শোনিতপুৰ জিলাৰ ৩৫০০ শতাধিক প্ৰাথমিক শিক্ষকে মুখ্যমন্ত্রী আৰোগ্য নিধিলৈ এদিনৰ দৰমহাৰ পৰা সৰ্বমুঠ ২৭ লাখ  ৪২ হাজাৰ ৫২৫ টকা আগবঢ়াইছে। 

এইক্ষেত্ৰত তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জ্যোতি ভট্ট, সম্পাদক অৱনি বৰা, ৰাজ্যিক সদস্য সপোণ্টি গোস্বামী, দিলিপ নাথ আৰু ইন্দ্ৰ ফয়েলে কয়- 'সন্মিলনীৰ ৩৫০০ গৰাকী শিক্ষকে বৰ্ত্তমান অসমত, কোৰোনা মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ আৰু স্বাস্থ্য মন্ত্রীয়ে এই মহামাৰীৰ পৰা ৰোগীয়া সকলক ৰক্ষা কৰিবলৈ হাস্পতাল নিৰ্মাণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। সেই আগ্ৰহৰ প্ৰতি সমৰ্থন আগবঢ়াইয়ে তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতি গৰাকী শিক্ষক প্ৰতিনিধিয়ে নিজৰ এদিনৰ দৰমহাৰ পৰা মুখ্যমন্ত্রী আৰোগ্য নিধিলৈ এদিনৰ দৰমহাৰ পৰা ২৭ লাখ  ৪২ হাজাৰ ৫২৫ টকা আগবঢ়াইছো।'

ইয়াৰোপৰি তেজপুৰ মহকুমাৰ ৰাজ্যিক সদস্য সপোণ্টি গোস্বামী, বৰঝাৰ কেন্দ্ৰৰ সভাপতি, ৰাতুল শৰ্মা, সম্পাদক বিন্টু শৰ্মাই শতাধিক অতি দৰিদ্ৰ পৰিয়াৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে বৰঝাৰ  কেন্দ্ৰৰ ৯০ গৰাকী শিক্ষক-শিক্ষয়িত্রীয়েও অতি অভাৱি ৫০০ পৰিয়ালৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in