ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলে

ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলে

ডিজিটেল সংবাদ, ওদালগুৰিঃ সোমবাৰৰ পৰা আৰম্ভ হ'ল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলৰ ৰূপালী জয়ন্তী বৰ্ষ। আজি ওদালগুৰি ষ্টেডিয়ামত ৰূপালী জয়ন্তী বৰ্ষ গৰকা খেলখনৰ শুভাৰম্ভণী কৰে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে। শুভাৰম্ভণীৰ পূৰ্বে শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই জিলা ক্ৰীড়াসন্থাৰ সভাপতি তথা কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰ পৰ্যন্ত অনুষ্ঠিত হবলগীয়া খেলখনৰ এইবাৰৰ বাজেট প্ৰায় বাৰ লক্ষাধিক টকা হব বুলি মন্ত্ৰী দৈমাৰীয়ে জানিবলৈ দিয়ে। উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ'ল নিউ মডেল এছ.চি, দৈমালু ক্লাৱ, বড়োলেণ্ড এ.চি, কৰিড়ালী আদিবাসী ইউথ ক্লাৱ, শালবাগান এফ.চি গোসাইগাওঁ, বাৰহুংখা এফ. চি কোকৰাঝাৰ, এছ‌এছবি দাৰ্জিলিং, অইল ইণ্ডিয়া দুলীয়াজান, ইয়ং ষ্টাৰ এফ.চি নাগালেণ্ড, ননগ্ৰীম হিলচ এফ.চি ছিলং, ট্ৰাউ এফ.চি মণিপুৰ, আসাম পুলিচ ব্লুজ, বিদ্যুৎ পৰিষদ গুৱাহাটী।

আজিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসৰ লগতে আন বহুতো। আজি উদ্বোধনী খেলখন দৈমালু ক্লাৱ বনাম নিউ মডেল এছ চিৰ মাজত অনুষ্ঠিত হৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in