নাৰায়ণপুৰত পৰিবহন বিভাগৰ উদ্যোগত পথ সজাগতা সভা…

নাৰায়ণপুৰত পৰিবহন বিভাগৰ উদ্যোগত পথ সজাগতা সভা…

ডিজিটেল সংবাদ নাৰায়ণপুৰঃ পথ সুৰক্ষা জীৱন ৰক্ষা এই শ্লোগানেৰে লখিমপুৰ জিলা পৰিবহন বিভাগে নাৰায়ণপুৰত বৃহস্পতিবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰে। লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সজাগতা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ অলকা বৰদলৈয়ে।

অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক চন্দ্ৰ হাজৰিকাই বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সজাগতা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমীয় কুমাৰ ভূঞাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিশ ভূঞা,অৱসৰপ্ৰাপ্ত শিক্ষক ৰাতুল দত্ত, সমাজকৰ্মী বীৰেন বৰা প্ৰমুখ্যে আন কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

বিদ্যালয়ৰ শিক্ষক দিলীপ বৰদলৈয়ে আঁতধৰা সভাখনত লখিমপুৰ জিলাৰ জিলা পৰিবহন বিষয়া চিতাৰাম দলে,সহকাৰী প্ৰবৰ্তক পৰিদৰ্শক দ্বয় প্ৰাঞ্জল হাজৰিকা আৰু ৰাজীব ভূঞা, গৌতম ৰাজখোৱা, গীতাঞ্জলি দলে প্ৰমুখ্যে আন কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সজাগতামূলক বক্তব্য প্ৰদান কৰে। সভাখনত স্থানীয় জ্ঞানদীপ বিহু দলৰ শিল্পীসকলে পৰিবেশন কৰা বিহু-হুচৰীয়ে সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in