ডিজিটেল ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে আগবঢ়াব প্ৰাক্তন অধ্যাপক, সাহিত্যিক, সন্তোষ কুমাৰ কৰ্মকাৰৰ সোঁৱৰণত এক বিশেষ বঁটা। মহাবিদ্যালয়খনৰ উদ্যোগত আৰু সন্তোষ কুমাৰ কৰ্মকাৰৰ পৰিয়ালবৰ্গৰ সহযোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা একোজনকৈ বিশষ্ট ব্যক্তিক চলিত বৰ্ষৰ পৰা এই সন্মান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
২০২১ বৰ্ষত ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদানৰ বাবে কবি জীৱন নৰহক সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ লগত আছে নগদ ধন, প্ৰশস্তি পত্ৰ আৰু সন্তোষ কুমাৰ কৰ্মকাৰৰ এটি স্মাৰক।
১৯ ডিচেম্বৰ দেওবাৰে বিয়িল ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক, ডাঃ ধ্ৰুৱজ্যোতি বৰাই এই বঁটা কবি জীৱন নৰহক প্ৰদান কৰিব। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক, সাংবিদক অনুৰাধা শৰ্মা পূজাৰী, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। পূজাৰীয়ে প্ৰয়াত সন্তোষ কুমাৰ কৰ্মকাৰৰ সাহিত্যৰাজিৰ অৱলোকন কৰিব।