Advertisment

মুম্বাইত লকডাউনত আবদ্ধ হৈ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকৰ হাহাকাৰ

মুম্বাইত লকডাউনত আবদ্ধ হৈ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকৰ হাহাকাৰ

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, তেজপুৰঃ কোৰোনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত ভাৰতৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে বৰ্ত্তমান সময়ত এসাজ ভাতৰ কাৰনে হাহাকাৰ কৰিব লগীয়া হৈছে। লকডাউনৰ বাবে সকলো বন্ধ হৈ পৰাৰ পাছত নিজৰ হাতত জমা থকা ধনো শেষ হোৱাত মুম্বাইত আৱদ্ধ হৈ থকা শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰৰ বহু যুৱক তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হবলগীয়া হৈছে। আনহাতেদি ক্ৰমাৎ মুম্বাইত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত শোণিতপুৰ জিলাৰ যুৱকসকল অধিক চিন্তিত হৈ পৰিছে। উল্লেখ্য যে, শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অৰ্ন্তগত বৰগাঁও অঞ্চলৰ পৰা কৰ্ম সংস্থাপন বিচাৰি যোৱা কেইবাজনো যুৱক মুম্বাইৰ পাৰদুলি এলেকাত আবদ্ধ হৈ আছে।

Advertisment

এইক্ষেত্ৰত যুৱক সকলে কয়- আমি এতিয়া বহু সমস্যাৰ মাজত সোমাই পৰিছো। কোৰোনাৰ সংক্ৰমণ হোৱাৰ পুৰ্বেই দৰমহাৰ সিংহ ভাগ ধন ঘৰলৈ পঠাই দিছিলো। কিন্ত ইয়াৰ পাছতেই মহাৰাষ্ট্ৰ খনত কোৰোনা ভাইৰাছে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু চৰকাৰে  ঘোষণা কৰা লকডাউনৰ ফলত সুদীৰ্ঘ দিন ধৰি আৱদ্ধ হৈ পৰিছো। আৱদ্ধ যুৱক সকলে লগতে কয় আমাৰ হাতত এতিয়া অতি সামান্য পৰিমাণৰহে ধন আছে। লকডাউন এনেদৰে চলি থাকিলে অধিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। মুঠতে আমি সমস্যাৰ মাজতেই জীয়াই আছো। জানিব পৰা মতে  এই সকল। নিবনুৱা যুৱক ঠেলামৰা ৰাজহ চক্ৰৰ অৰ্ন্তগত বৰগাঁও অঞ্চলৰ বগাপানী, ঔবাৰী আৰু বৰপুখুৰীকে ধৰি বিভিন্ন অঞ্চলৰ পৰা সংস্থাপন বিচাৰি মুম্বাইলৈ গৈছিল।

মহাৰাষ্ট্ৰ চৰকাৰে কিছু পৰিমাণে খাদ্য সামগ্ৰী আগবঢ়াইছে যদিও উৰ্পাজন সৰ্ম্পুনৰূপে শূণ্য হৈ পৰাত বিশেষকৈ খাদ্য সংকটৰ সন্মুখীন হবলগীয়া হৈছে। ইফালে মহাৰাষ্ট্ৰৰ পুনেত কোৰোনা ভাইৰাছৰ সংক্ৰমন ব্যাপক ভাৱে বৃদ্ধি পোৱাত পৌৰ নিগমে ৩ মে' লৈকে কনটেইনমেন্ট জন হিচাপে ঘোষণা কৰিছে। ধনৰ অভাৱত লকডাউনৰ মাজত অতি কষ্টৰে দিন অতিবাহিত কৰি অহা মুম্বাইত আবদ্ধ এই সকল যুৱকে ৰাজ্য চৰকাৰক এইক্ষেত্ৰত সহায় কৰিবলৈ কাতৰে প্ৰাৰ্থনা জনাইছে। উল্লেখ্য যে, সমগ্ৰ মহাৰাষ্ট্ৰত বৰ্তমান সময়ত অসমৰ পৰা যোৱা বহু হাজাৰ লোক আবদ্ধ হৈ আছে। ইফালে মুম্বাইৰ সমান্তৰালকৈ কোৰোনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবেই ভাৰতৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা শোণিতপুৰ জিলাৰ সহস্ৰাধিক যুৱকৰ মাজতো বহু সমস্যাক লৈ হাহাকাৰৰ সৃষ্টি হৈছে।

ভাৰতৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ বৰ্ত্তমান সময়ত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা অসমৰ এই সকল দুৰ্ভগীয়া যুৱকক বহিঃ ৰাজ্যৰ পৰা উদ্ধাৰ কৰিবৰ বাবে  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যুৱক সকলে প্ৰাৰ্থনা জনাইছে। উল্লেখ্য যে, আত্মসংস্থাপন বিচাৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ গৈ বৰ্ত্তমান সময়ত কোৰোনা ভাইৰাছৰ বাবেই আৱদ্ধ হৈ পৰা অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱকৰ ভিতৰত শোনিতপুৰ জিলাৰো কেইবা শতাধিক যুৱক আছে। কোৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধ কৰাৰ বাবেই দীৰ্ঘদিনীয়া লক ডাউন ঘোষণা হোৱাৰ পাছৰে পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা অসমৰ বহু যুৱক তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈ জীৱনৰ প্ৰতি চৰম দুৰ্যোগ নামি অহাক কেন্দ্ৰ কৰি পৰিয়ালৰ লোক সকলৰ মাজতো হাহাকাৰৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত জানিব পৰা মতে তেজপুৰৰ বেছেৰীয়া অঞ্চলৰ লগতে  শোণিতপুৰ জিলাৰ ঠেলামৰা, কাৱৈমাৰী, খনামুখ, ইটাখোলাৰ, বিহগুৰি, পিঠাখোৱা, মিছামাৰী, বালিপৰা, চাৰিদুৱাৰ, ঢেকীয়াজুলি, জামুগুৰিহাট, চতিযা, বালিজুৰি, ৰঙাচকুৱা, বিশ্বনাথ, বিহালী, গহপুৰ, ৰঙাপৰা আৰু  বৰছলা অঞ্চলৰ কেইবা শতাধিক যুৱক কেৰেলা, হাৰিয়ানা, পঞ্জাৱ, গোৱা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ গভীৰ সংকটত পৰিছে।