বাজেট ২০২৩-২৪ঃ MBBS আৰু PG (MD/MS)ত আসন বৃদ্ধিকে ধৰি স্বাস্থ্য ক্ষেত্ৰত বহু পদক্ষেপ...

বৃদ্ধি কৰা হৈছে MBBS আৰু PG (MD/MS) শাখাত আসন ৷ ইয়াৰ উপৰিও এম বি বি এছত ১৫০০ খন আৰু স্নাতকোত্তৰ শ্ৰেণীত ৭২২খন আৰু ছুপাৰ স্পেছিয়েলিটিৰ শাখাত ৪৬ খনকৈ আসন বৃদ্ধি কৰা হৈছে ।
বাজেট ২০২৩-২৪ঃ  MBBS আৰু PG (MD/MS)ত আসন বৃদ্ধিকে ধৰি স্বাস্থ্য ক্ষেত্ৰত বহু পদক্ষেপ...
বাজেট ২০২৩-২৪ঃ MBBS আৰু PG (MD/MS)ত আসন বৃদ্ধিকে ধৰি স্বাস্থ্য ক্ষেত্ৰত বহু পদক্ষেপ...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ বাজেট। বাজেটত ৰাজ্যৰ চিকিৎসা খণ্ডৰ আমূল পৰিৱৰ্তনৰ উদ্দেশ্য বহুকেইতা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷

কোকৰাঝাৰ, নলবাৰী আৰু নগাঁৱত স্থাপন কৰা তিনিখন চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠদান ৷ ইতিমধ্যেই নতুনকৈ স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ উত্তৰ কৰিমগঞ্জ, গোৱালপাৰা, তামুলপুৰ, বঙাইগাঁও, ধেমাজি, মৰিগাঁও গোলাঘাট আৰু শিৱসাগৰত মুঠ ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

বৃদ্ধি কৰা হৈছে MBBS আৰু PG (MD/MS) শাখাত আসন ৷ ইয়াৰ উপৰিও এম বি বি এছত ১৫০০ খন আৰু স্নাতকোত্তৰ শ্ৰেণীত ৭২২খন আৰু ছুপাৰ স্পেছিয়েলিটিৰ শাখাত ৪৬ খনকৈ আসন বৃদ্ধি কৰা হৈছে৷

৬ খন চিকিৎসা মহাবিদ্যালয় আৰু ৬ খন জিলা চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি ছুপাৰ স্পেচিয়েলিটী হাস্পাতাললৈ উন্নিত কৰা হ’ব ৷

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন চৌহদত বিশ্ববিদ্যালয় পৰ্যায়ৰ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব ৷

ৰাজ্যৰ জনসাধাৰণৰ জন স্বাস্থ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে JICA সাহায্যপ্ৰাপ্ত ৩৮০০ কোটি টকা ব্যয় সাপাক্ষে Assam Health System Augmentation Project ৰ গ্ৰহণ কৰা হৈছে ৷

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ৩০০ কোটি টকা ৷ স্বাস্থ্য প্ৰতিস্থানৰ মান মূল্যায়নৰ বাবে গুণোৎসৱৰ দৰেই স্বাস্থ্য মেলা উৎসৱৰ আয়োজন হ’ব ৷

মৰিগাওঁ আৰু লখিমপুৰত দুখন নতুন দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন আঞ্চলিক চকুৰোগ চিকিৎসা প্ৰতিস্থানক উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব ৷

সকলো চিকিৎসা মহাবিদ্যালয়ত স্মাৰ্ট শ্ৰেণী কোঠা তৈয়াৰ কৰা হ’ব ৷ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসালয়ৰ প্ৰশাসণ বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি কৰা হ’ব ৷ ৫৩ কোটি টকা ব্যয়ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ চৌহদত পেৰামেডিকেল বিজ্ঞান স্নাতক মহাবিদ্যালয় স্থাপন কৰা হ’ব ৷

বাজেট ২০২৩-২৪ঃ  MBBS আৰু PG (MD/MS)ত আসন বৃদ্ধিকে ধৰি স্বাস্থ্য ক্ষেত্ৰত বহু পদক্ষেপ...
ভাল খবৰ, চৰকাৰী কৰ্মচাৰীয়ে গাড়ী কিনিবলৈ কম সুতত পাব ধন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in