ৰচনা লিখা প্ৰতিযোগিতাৰে বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপন…

ৰচনা লিখা প্ৰতিযোগিতাৰে বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপন…

ডিজিটেল ডেস্ক : বিশ্ব কৰ্কট ৰোগ দিৱসৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু ফেচবুক পেজ পেন ইয়ৰ থটচ্ ( Pen Your Thoughts) এ এক অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে। ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল "কেন্সাৰ: ইন ভিউ অৱ এ কমন মেন" ( Cancer: in view of a common man) ।

ন. ই. চি. এইচ. আৰ. আই. ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মূখ্য অতিথি হিচাপে আৰ. জে পল্লবী, বিশিষ্ট অতিথি হিচাপে মনফ'ৰ্ট স্কুলৰ ব্ৰাডাৰ এচ. মাৰিয়া চ'চাই তথা ন. ই. চি. এইচ. আৰ. আই.ৰ অধ্যক্ষ গণেশ তামুলী আৰু পৰিচালন সঞ্চালক ডাঃ এম. এন. বৰুৱা উপস্থিত থাকে।

মণ্ডল বেচেৰাৰ গীতৰ শৰাইৰে আৰম্ভ হোৱা অনুষ্ঠানত হায়াত গ্ৰুপ অৱ ইনষ্টিটিউশনৰ শিক্ষার্থীসকলেও এখনি নাট পৰিৱেশন কৰে। পেন ইয়ৰ থটচ্ পেজৰ সদস্যসকলৰ বাবে মুকলি কৰা ৰচনা প্ৰতিযোগিতাৰ প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ভূপালী দেৱী, বেদান্ত ডেকা আৰু অৰূপ কুমাৰ পাঠকে। বঁটা প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰি ডাঃ বৰুৱাই কয় যে কৰ্কট ৰোগত আক্রান্তৰ সংখ্যা হ্ৰাস কৰিবলৈ হ'লে জন সচেতনতা বৃদ্ধি কৰিব লাগিব আৰু সঠিক সময়ত চিকিৎসা আৰম্ভ কৰিলে কেন্সাৰ ৰোগকো জয় কৰিব পৰা যায়।

ন. ই. চি. এইচ. আৰ. আই.ৰ অন্য এগৰাকী সঞ্চালক ডাঃ আৰ. জে. চাংকাকতি, অধীক্ষক ডাঃ আৰ. গোঁহাই, উপ-অধীক্ষক ডাঃ ডি. কে. নাথ, চীফ অপাৰেটিং অফিচাৰ তথা পেন ইয়ৰ থটচ্ ৰ এডমিন ডাঃ গীতাৰ্থ ৰয়মেধিকে প্ৰমুখ্যে কৰি অন্যান্য ডাক্টৰ আৰু কৰ্মচাৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠব বৃদ্ধি কৰে। বিশ্ব কৰ্কট ৰোগ দিৱসৰ লগত সংগতি ৰাখিয়ে আজি হস্পিতালখনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত লঘূ আহাৰ বিতৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in